ইৰাকৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব আমেৰিকাই

VQVI4UDUJZKGDHRXLPFCMHDCCU

আফগানিস্তানৰ পাছত এইবাৰ ইৰাকৰ পৰাও সেনা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই । সোমবাৰে ইৰাকৰ প্ৰধানমন্ত্ৰী মুস্তাফা আল-খাদিমিৰ স’তে বৈঠকত মিলিত হোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে জনায়, চলিত বৰ্ষ অৰ্থাৎ ২০২১ৰ শেষতেই ইৰাকৰ সেনা অভিযানত সমাপ্তি ঘোষণা কৰা হ’ব ।

সাংবাদ মাধ্যমক ৰাষ্ট্ৰপতি বাইডেনে কয়, এতিয়াৰ পৰা ইৰাকক মূলতঃ আইএছ সন্ত্ৰাসবাদীৰ স’তে মোকাবিলা কৰাৰ প্ৰশিক্ষণৰ লগতে নানান ধৰণে সহায় কৰিব আমেৰিকাই । ২০২১ৰ শেষৰ ফালেই সেনা অভিযান প্ৰত্যাহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে । বাইডেনৰ কথাত সহমত দি ইৰাকৰ প্ৰধানমন্ত্ৰী আল-খাদিমে জনায় যে আমেৰিকা আৰু ইৰাকৰ সম্পৰ্ক বৰ্তমান আইএছ সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰিও অৰ্থনৈতিক, সাংস্কৃতিক আৰু পৰিৱেশগত ক্ষেত্ৰত বিস্তৃত হৈছে ।

বাইডনে আৰু জনায় যে, অক্টোবৰত ইৰাকৰ গণ-নিৰ্বাচন । এই নিৰ্বাচন সুস্থভাৱে অনুষ্ঠিত হ’বৰ বাবে আমেৰিকা বাগদাদ, ৰাষ্ট্ৰসংঘ আৰু গ’ল্ফ ক’-অপাৰেচন কাউন্সিলৰ স’তে নিয়মিত চলি আছে । ইৰাকত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে সকলোধৰণৰ চেষ্টা কৰিব আমেৰিকাই । ইয়াৰ উপৰি, আইএছ সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে যৌথভাৱে যুঁজ দিব ইৰাক আৰু আমেৰিকাই । প্ৰয়োজনত আঞ্চলিক নিৰাপত্তাৰ বাবে সন্ত্ৰাস দমন কৰা হ’ব ।

সম্প্ৰতি ইৰাকত প্ৰায় ২৫০০ সেনা মোতায়েন কৰি আছে আমেৰিকাই । ইৰাকী সন্যসকলৰ স’তে তেওঁলোকে আইএছ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিছে । কিন্তু সোমবাৰৰ ঘোষণাৰ পাছত এই সংখ্যা হ্ৰাস পাব পাৰে বুলি ধাৰণা কৰা হৈছে । বিশেষজ্ঞসকলৰ দাবী, প্ৰায় দুই দশক ধৰি ‘মিছন ইৰাক’ৰ অৰ্থনৈতিক চাপ আৰু দেশৰ মানুহৰ চাপৰ বাবেই সেনা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাইডেনে ।

Exit mobile version