ক’ভিড মৃত্যু ৰোধ কৰিবলৈ ৯৮ শতাংশ কাৰ্যকৰী ক’ভিশ্বিল্ড : প্ৰতিৰক্ষা মন্ত্রকৰ সমীক্ষা -প্ৰতিবেদন

1 355 1

নতুন সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৯৩ শতাংশ কাৰ্যকৰী ক’ভিশ্বিল্ড । মৃত্যু ৯৮ শতাংশ ৰোধ কৰিব পাৰে ছেৰাম ইনষ্টিটিউটৰ এই টিকাই। মঙলবাৰে এই কথা জনালে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

ভাৰতীয় সেনাৰ লগত যুক্ত প্ৰায় ১৫লাখ ৯৫ হেজাৰ স্বাস্থ্যকৰ্মী আৰু আগশাৰীৰ ক’ভিড যুঁজাৰুৰ ওপৰত এই সমীক্ষা চলাইছে আমর্ড ফৰ্চছেছ মেডিকেল ছাৰভিছ (এএফএমএছ)য়ে।

সেই প্ৰতিবেদনৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰে যে ক’ভিড টিকাৰ কাৰ্যকৰীতাৰ ওপৰত এইটো সম্ভৱতঃ আটাইতকৈ ডাঙৰ অধ্যয়ন।

কিন্তু মন্ত্ৰালয়ে জনাইছে, এই সমীক্ষাত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ অধিকাঅংশই স্বাস্থ্যবান পুৰুষ । বহুতৰ কোনো গুৰুতৰ ৰোগ নাই (ক’মৰ্বিডিটি)। এই প্ৰতিবেদনত বয়ষ্ক আৰু শিশুসকলৰ উপৰত টিকাৰ কাৰ্যকাৰিতা সংক্ৰান্ত কোনো তথ্য নাই ।

যোৱা জানুৱাৰীৰ পৰা দেশত ক’ভিড টিকাকৰণ আৰম্ভ কৰা হৈছে। সেই সময়ৰ পৰা বৰ্তমানলৈকে ভাৰতীয় সেনাৰ স’তে যুক্ত থকা সকলে প্রথম আৰু দ্বিতীয় প্ৰতিষেধক কেতিয়া গ্ৰহণ কৰিছে ,কোনে কেতিয়া ক’ভিডত আক্ৰান্ত হৈছে, কিমান জনৰ মৃত্যু হৈছে এই সকলোবোৰ তথ্য পৰ্যবেক্ষণ কৰি এই প্ৰতিবেদনখন তৈয়াৰ কৰা হৈছে বুলি জনাইছে মন্ত্ৰনালয়ে।

Exit mobile version