জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হাচান ৰফিকুলৰ অমাৰ্জিত ব্যৱহাৰত অতিষ্ঠ ৰাইজ

জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানত দুই-তিনি মাহলৈকে ঘূৰাই থাকে ৰাইজক

বৰপেটা জিলাৰ জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হাচান ৰফিকুলৰ অমাৰ্জিত ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । চিকিৎসালয়খনত ডাঃ হাচান ৰফিকুলে যোগদান কৰাৰ দিনৰ পৰাই সপ্তাহত দুই-তিনি দিনলৈকে অনুপস্থিত থকাৰ উপৰিও প্ৰায়ে পুৱা ১১ বজাৰ আগত চিকিৎসালয়ত উপস্থিত নোহোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া ।

উক্ত চিকিৎসকগৰাকী হাজিৰা বহীত দুই তিনি দিনৰ চহী একেলগে কৰে বুলি বিশ্বস্ত সূত্ৰে জনাইছে । আনহাতে তেওঁক অনুসৰণ কৰি বাকী কিছুমান কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিৰ কথা একাংশ ৰাইজৰ ভাষ্যত প্ৰকাশ । পৰিতাপৰ বিষয় যে জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত দুইৰ পৰা তিনি-চাৰি মাহলৈ নানা অজুহাতত সাধাৰণ ৰাইজক ঘূৰাই থকাৰ অভিযোগ উঠিছে ।

এই ক্ষেত্ৰত ৰাইজৰ একাধিক অভিযোগৰ ভিত্তিত ডাঃ ৰফিকুলৰ পৰা সাংবাদিকে জানিব বিচৰাত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰে ডাঃ হাচান ৰফিকুলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বাস্থ্য বিভাগৰ এগৰাকী চিকিৎসকে এনেদৰে ৰাইজক হাৰাশাস্তি কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে ।

ঘটনা সন্দৰ্ভত বৰপেটা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক জনোৱা হৈছে যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ভূমিকা লয় সেয়া হ’ব লক্ষণীয় ।

Exit mobile version