পদ্ম বঁটাৰ বাবে চিকিৎসক, স্বাস্থ্যকৰ্মীৰ নাম প্ৰেৰণ কৰিব কেজৰিৱাল চৰকাৰে

arvind kejriwal punjab pti 1002402 1624880213

প্ৰতি বছৰৰ দৰে এইবাৰো দিল্লী চৰকাৰে পদ্ম বঁটাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ বিশিষ্ট ব্যক্তিৰ নাম প্ৰেৰণ কৰিব ।

এখন ডিজিটেল সংবাদ মেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে এইবাৰ পদ্ম বঁটাৰ বাবে কেৱল চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ নামহে প্ৰেৰণ কৰা হ’ব ।

ইয়াৰ বাবে দিল্লী চৰকাৰে এক ই-মেইল ঠিকনা প্ৰস্তুত কৰিছে আৰু দিল্লীবাসীয়ে নিজে পদ্ম বঁটাৰ বাবে চিকিৎসক-স্বাস্থকৰ্মীৰ নাম প্ৰেৰণ কৰিব পাৰিব, যিসকলে কৰ’না কালত স্বাস্থ্য সেৱালৈ বিশেষ বৰঙনি আগবঢ়াইছিল ।

Exit mobile version