ভাৰতৰ প্ৰাপ্তবয়স্কৰ ৭৫ শতাংশই লাভ কৰা নাই টিকা : কেন্দ্ৰৰ তথ্য

চলিত বৰ্ষৰ মধ্যভাগৰ পৰা ভাৰতৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিকক কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে; কিন্তু বৰ্তমান পৰ্যন্ত দেশৰ প্ৰাপ্তবয়স্ক নাগৰিকৰ ৭৩.৫ শতাংশই ক’ভিডৰ কোনো প্ৰতিষেধক লাভ কৰা নাই । এই তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ ‘ক’উইন’ নামৰ প’ৰ্টেলটোৱে । এই প’ৰ্টেলৰ তথ্য অনুসৰি, ২৬ জুলাই সোমবাৰ পৰ্যন্ত ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ মাত্ৰ ১০ শতাংশই ক’ভিডৰ দুপালি প্ৰতিষেধক লাভ কৰিলে । মুঠ ৯৪ কোটি প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ২৬.৫ শতাংশই বৰ্তমানলৈকে লাভ কৰিলে ক’ভিডৰ এপালি প্ৰতিষেধক ।

যোৱা ১৬ জানুৱাৰীৰ পৰা ভাৰতত ক’ভিডৰ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছিল আৰু বৰ্তমান পৰ্যন্ত মুঠ ৪৩ কোটি ৬০ লাখ লোকে এই প্ৰতিষেধক লাভ কৰিলে । ভাৰতত প্ৰাপ্তবয়স্ক নাগৰিকৰ মাত্ৰ ১০ শতাংশই দুপালি প্ৰতিষেধক লাভ কৰাৰ বিপৰীতে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানত ইতিমধ্যে প্ৰাপ্তবয়স্কৰ ৮৪ শতাংশই লাভ কৰিলে ক’ভিডৰ দুপালি প্ৰতিষেধক । অৱশ্যে ভাৰতৰ তুলনাত ভূটানৰ জনসংখ্যা যথেষ্ট কম । সেয়েহে প্ৰতিবেশী ৰাষ্ট্ৰখনত প্ৰাপ্তবয়স্কৰ টিকাকৰণ দ্ৰুতগতিত সম্পন্ন কৰা সম্ভৱ হৈছে বুলি চিকিৎসকসকলে মত প্ৰকাশ কৰিছে ।

যোৱা সপ্তাহত ভাৰতত দৈনিক গড়ে ৪০ লাখ ১০ হেজাৰ টিকাকৰণ হৈছিল, সংখ্যা হিচাপত এয়া ভাৰতৰ দৰে বৃহৎ জনসংখ্যাৰ দেশৰ শত তেনেই নগণ্য । জুনৰ অন্তিম সপ্তাহত ভাৰতত দৈনিক গড়ে টিকাকৰণ হৈছিল ৬০ লাখ ৪০ হেজাৰ জনৰ । অৱশ্যে দৈনিক টিকাকৰণৰ ক্ষেত্ৰত দেশত ২১ জুনত প্ৰথমটো অভিলেখ ৰচিত হৈছিল । উক্ত দিনা ভাৰতত মুঠ ৮০ লাখ ৮০ হেজাৰ লোকে ক’ভিড প্ৰতিষেধক লাভ কৰিছিল । প্ৰতিষেধক নাটনিক লৈ কেন্দ্ৰৰ বিৰুদ্ধে দেশৰ একাধিক ৰাজ্য‌ই সময়ে সময়ে অভিযোগ উত্থাপন কৰি আহিছে । প্ৰতিষেধকৰ অভাৱত আনকি মহাৰাষ্ট্ৰ, দিল্লীসহ কে’বাখনো ৰাজ্যত অসংখ্য টিকাকৰণ শিবিৰ বন্ধ কৰা হৈছিল ।

অৱশ্যে তদানীন্তন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে দাবী কৰা বুলিও স্বাস্থ্যমন্ত্ৰীজনে সেই সময়ত দাবী কৰিছিল । এনে পৰিস্থিতিৰ মাজতে দেশত টিকাকৰণৰ সম্পূৰ্ণ দায়িত্ব নিজৰ হাতত লৈছিল কেন্দ্ৰৰ চৰকাৰখনে । বিশেষজ্ঞসকলে ইতিমধ্যে কেন্দ্ৰৰ চৰকাৰক সতৰ্ক কৰি কৈছে যে টিকাকৰণৰ গতি বঢ়াব নোৱাৰিলে কৰ’নাৰ সম্ভাব্য তৃতীয়টো ঢৌক প্ৰতিৰোধ কৰাটো সহজ নহ’ব । কিন্তু এনে সকীয়নিৰ পাছতো ভাৰতত টিকাকৰণৰ গতি যথেষ্ট মন্থৰ হোৱা বুলি অভিযোগ কৰিলে চিকিৎসক বিশেষজ্ঞ‌ই । কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষেধক বিষয়ক প’ৰ্টেল ‘ক’উইন’ৰ শেহতীয়া তথ্য‌ই চিকিৎসক বিশেষজ্ঞৰ অভিযোগকে সত্ৰ প্ৰমাণিত কৰিলে ।

Exit mobile version