হিমাচলৰ ভূমিস্খলন : ‘জীয়াই আছো, উদ্ধাৰ কৰক’, ভিডিঅ’ বাৰ্তাত অনুৰোধ ৰক্তাক্ত ব্যক্তিৰ

1627452990 new project

হিমাচল প্ৰদেশৰ কিন্নৰত দেওবাৰে ভূমিস্খলনৰ ফলত ন জন পৰ্যটকৰ মৃত্যু হয় । সেই পাহাৰীয়া অঞ্চলটোত এই পৰ্যন্ত কিছুসংখ্যক লোক আৱদ্ধ হৈ আছে । তেওঁলোকৰ ভিতৰত এগৰাকী মহিলাও আছে । ৰক্তাক্ত অৱস্থাত, শ্বাস কষ্টৰে এজন লোকে ঠাইখনৰ পৰিস্থিতি কেমেৰাবন্দী কৰি কয় যে, আমি এতিয়াও জীয়াই আছো । তেওঁলোকক দ্ৰুত উদ্ধাৰ কৰক ।

পাঁচ মিনিটৰ ভিডিঅ’টোত ব্যক্তিগজনে নিজকে নবীন বুলি পৰিচয় দিছে । তেওঁ মূৰত গুৰুতৰভাৱে আঘাত পাইছে । ঘটনাৰ সময়ত তেওঁলোক যি দিশত আছিল, সেই দিশটো দেখুৱাই তেওঁ ভিডিঅ’ত কয়, ‘ঘটনা সংঘটিত হোৱাৰ মাত্ৰ ১০ মিনিট আগতে আমাৰ গড়ীখন ঠাখডোখৰত আহি পাইছিল । হঠাৎ ওপৰৰ পৰা বৃহৎ আকাৰৰ শিল তললৈ নামি আহে । ম‌ই আগফালৰ ছিটত বহি আছিলো । কিবা প্ৰকাৰে গাড়ীৰ পৰা নামি আহিলো ।’

গাড়ীৰ পৰা ওলাই আহি তেওঁ এজোপা গছৰ তলত আশ্ৰয় লৈছিল । তেওঁ জনায় যে, বহু সময় ধৰি তেওঁলোকে আৰক্ষীক যোগাযোগ কৰাৰ চেষ্টা কৰি আছিল । কিন্তু নেটৱৰ্ক সমস্যাৰ বাবে সম্ভৱ নহয় । সেই ঠাইতে আৱদ্ধ হৈ থকা অন্য এজন ব্যক্তিয়ে জনায় যে, সেই পথটোতেই কিছু দূৰত এজন বৃদ্ধাৰ মৃতদেহ পৰি আছে ।

চাওক সেই ভিডিঅ’

 

Exit mobile version