ভাৰতলৈ এণ্টনী ব্লিংকেন

antony blinken gty jt

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়া, প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দুই দেশৰ সহযোগিতা বৃদ্ধি আৰু ক’ভিডৰ মোকাবিলাৰ বিষয়ত আলোচনা কৰিবলৈ মঙলবাৰে দুদিনৰ ভ্ৰমণ কাৰ্যসূচীৰ ভাৰতত উপস্থিত হ’ল আমেৰিকাৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেন । উদ্দেশ্য, দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা ।

উল্লেখ্য, ভাৰতত অহাৰ আগতে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবাৰ স’তে ফোনযোগে কথা পাতিছিল ব্লিংকেনে । দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে ক’ভিড অতিমাৰী বিৰুদ্ধে যুঁজ দিয়াক লৈ কথা হয় ।

আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীৰ স’তে মূলতঃ আফগানিস্তানৰ বিষয়ক লৈয়ে বৈঠকত মিলিত হ’ব ব্লিংকেনে । আজি প্ৰথমে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক লগ কৰিব ব্লিংকেনে । সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীৰ স’তে বৈঠকত মিলিত হোৱাৰ পাছতে কুৱেটলৈ ৰাওনা হ’ব বৈদেশিক সচিব ।

জ’ বাইডেনে ক্ষমতাত অহাৰ পাছত এইয়ে প্ৰথম ভাৰতলৈ আহিল ব্লিংকেন । ইয়াৰ পূৰ্বে এপ্ৰিলত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড অষ্টিন ভাৰতত আহিছিল ।

Exit mobile version