কেন্দ্ৰীয় কেবিনেটত ডি আই চি জি চি আইন সন্দৰ্ভত ল’লে সিদ্ধান্ত

দেউলীয়া বেংকৰ গ্ৰাহকে ৯০ দিনত লাভ কৰিব পাঁচ লাখ টকাৰ বীমা

nirmala sitharaman biography

বেংকত ধন জমা ৰখা একাউণ্ট ধাৰকসকলৰ বাবে সুখবৰ দিলে কেন্দ্ৰীয় কেবিনেটে । কালি কেন্দ্ৰীয় কেবিনেটে ডিপ’জিট ইঞ্চুৰেন্স ক্ৰেডিট গেৰাণ্টি কৰ্প’ৰেচন (ডি আই চি জি চি) আইনৰ সংশোধনৰ পস্তাৱত অনুমতি জনালে । এই আইনৰ সংশোধনৰ ফলত দেশৰ দেউলীয়া হোৱা বেংকত ধন জমা ৰখা একাউণ্ট ধাৰকসকল উপকৃত হ’ব । ডি আই চি জি চি আইনৰ সংশোধনৰ জৰিয়তে দেউলীয়া হোৱা বা বিত্তীয় প্ৰৱঞ্চনাৰ বলি হোৱা গ্ৰাহকসকলে ৯০ দিনৰ ভিতৰত তেওঁলোকৰ জমা ধনৰ বিপৰীতে পাঁচ লাখ টকাৰ বীমাৰ সুবিধা লাভ কৰিব ।

‘ভাৰতীয় ৰিজাৰ্ভ বেংকে দেউলীয়া বা বিত্তীয় প্ৰৱঞ্চনাৰ বলি হোৱা বেংকসমূহৰ বিৰুদ্ধে স্থগিতাদেশ আৰি কৰাৰ পাছত দেখা দিয়া সমস্যাৰ পৰা বেংকৰ গ্ৰাহকক সকাহ দিবলৈ ডিপ’জিট ইঞ্চুৰেন্স ক্ৰেডিট গেৰাণ্টি কৰ্প’ৰেচন আইন প্ৰস্তুত কৰা হৈছিল । অনুষ্ঠিত কেবিনেটত এই সিদ্ধান্ত লোৱা হয় যে ৯০ দিনৰ ভিতৰত বেংকত ধন জমা ৰখা ব্যক্তিয়ে পাঁচ লাখ টকাৰ বীমা ধন লাভ কৰিব ।’ ডি আই চি জি চি আইনৰ সংশোধনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এইদৰে কয় ।

আইনখনৰ সংশোধনৰ সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে এই আইনৰ জৰিয়তে ৯৮.৩ শতাংশ বেংক একাউণ্টক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হ’ব । ডি আই চি জি চি হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক সহযোগী শাখা আৰু এই শাখাই বেংকত ধন জমাকাৰীক বীমাৰ সুবিধা প্ৰদান কৰে ।

পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কোঅপাৰেটিভ বেংক, য়েছ বেংক আৰু লক্ষ্মী বিলাস বেংকত সৃষ্টি হোৱা বিত্তীয় অব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ডি আই চি জি চি আইন প্ৰস্তুত কৰা হৈছিল যাতে এনেবোৰ বেংকত ধন জমা ৰখা একাউণ্ট ধাৰকসকলে বিশেষ পৰিস্থিতিত নিজৰ জমা ধনৰ বিপৰীতে নিৰ্দিষ্ট পৰিমাণৰ বীমা ধন লাভ কৰিব পাৰে ।

Exit mobile version