হিন্দী বলয়ত বৃহৎসংখ্যক আসন বৃদ্ধি হ’ব

২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাৰ আসন কমেও এহেজাৰলৈ বৃদ্ধিৰ যোজা বিজেপিৰ

new parliament 1 1607616539

২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সমষ্টিৰ পুনৰবিন্যাস ঘটাই লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধিৰ যোজা চলাইছে বুলি সম্প্ৰতি চৰ্চিত হৈছে । দেশত জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ পাইছে । এনে হ’বলৈ হ’লে হিন্দী বলয়ৰ ৰাজ্যসভাৰ লোকসভাৰ আসনৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব । তুলনামূলকভাৱে দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি নহয় । ফলত এই সমগ্ৰ প্ৰক্ৰিয়াত বিজেপি লাভৱান হ’ব পাৰে বুলি কংগ্ৰেছ নেতৃত্ব‌ই শংকা প্ৰকাশ কৰিছে ।

কংগ্ৰেছৰ লোকসভাৰ সাংসদ মণিষ তিৱাৰীয়ে কয় যে, সাংসদসকলেই তেওঁক ঘৰুৱা আলোচনাত জনাইছে যে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰি এহেজাৰ বা ততোধিক কৰা হ’ব পাৰে । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সংখ্যা বৃদ্ধি হ’ব বুলিও উল্লেখ কৰি সাংসদজনে কয়, ‘নতুন সংসদ ভৱনত হেজাৰজন সাংসদৰ বাবে আসনৰ ব্যৱস্থা কৰা হৈছে । কিন্তু লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধিৰ পূৰ্বে সকলো পক্ষৰে স’তে বিতং আলোচনা কৰাটো জৰুৰী ।’

সংবিধানৰ ব্যৱস্থাৱলীৰ মতে জনসংখ্যা অনুপাতে সাংসদৰ সংখ্যা নিৰ্ধাৰণ কৰাটো উচিত । সাধাৰণতে প্ৰতি ১০ লাখ ভোটাৰৰ বিপৰীতে এজন সাংসদ থাকিব লাগে । ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰায় ৮৮ কোটি ভোটাৰ আছিল । সেই মৰ্মে লোকসভাত প্ৰায় ৮৮০ জন সাংসদ থাকিব লাগে যদিও ভাৰতৰ লোকসভা আসনৰ সংখ্যা ৫৪৩জন । নতুনকৈ নিৰ্মীয়মান সংসদ ভৱনত ৮৮৮খন আসনেৰে লোকসভা কক্ষৰ ব্যৱস্থা কৰা হৈছে ।

আসন পুনৰ বিন্যাসত প্ৰতি ১০ লাখ ভোটাৰৰ বিপৰীতে এজন সাংসদৰ নীতি পালন কৰিলে লোকসভা কক্ষৰ আয়তন সলনি কৰিব লাগিব । ১৯৭৬ত ইয়াৰ পূৰ্বে আসন পুনৰ বিন্যাস কৰা হৈছিল । ১৯৭১ৰ লোকপিয়লৰ ভিত্তিতে এনে কৰা হৈছিল । ইয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত এই বিষয়টোক লৈ বহু আলাপ-চৰ্চা হৈছে ।

দেখা গৈছে যে হিন্দী বলয়ৰ ৰাজ্যসমূহৰ তুলনাত দাক্ষিণাত্যৰ কেৰালা, তামিলনাডুৰ দৰে ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি সুৰূপায়ণ হৈছে । ফলত জনসংখ্যা অনুযায়ী আসন নিৰ্ধাৰণ কৰিবলৈ হ’লে উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে জনবহুল ৰাজ্যসমূহৰ পৰা অধিক সংখ্যক সাংসদ নিৰ্বাচিত হ’ব । দক্ষিণৰ ৰাজ্যসমূহৰ অংশ কমিব । এই পৰিস্থিতিত আসন পুনৰবিন্যাস স্থগিত ৰখা হয় ।

ধাৰণা কৰা হয় যে ২০২৬ৰ ভিতৰত দেশৰ সকলো ৰাজ্যতে জনসংখ্যা বৃদ্ধিৰ হাৰৰ অনুপাত সমমাত্ৰাৰ হ’ব । কাগজে-কলমে চৰকাৰী তথ্য অনুসৰি, ২০২৬ৰ পাছত লোকসভাৰ আসন নতুনকৈ সজোৱা হ’ব । এই সময়তে বিজেপিৰ এক সূত্ৰত প্ৰকাশ যে ২০২২ত সম্ভাব্য উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি সলনি হ’ব পাৰে । কংগ্ৰেছৰ গৱেষণা কোষৰ প্ৰতিবেদন অনুযায়ী লোকসভা আসনৰ সংখ্যা ৫৪৩ৰ পৰা বৃদ্ধি হৈ ১২শ হ’ব পাৰে ।

এনে হ’লে উত্তৰ প্ৰদেশৰ সাংসদৰ সংখ্যা বৰ্তমানৰ ৮০ৰ পৰা বৃদ্ধি হ’ব ১৯৩ জনলৈ । একেদৰে বিহাৰত ৪০ৰ পৰা ৯৪, মধ্যপ্ৰদেশত ২৯ৰ পৰা ৬৮ আৰু পশ্চিমবংগত ৪২ৰ পৰা লোকসভাৰ আসন ৯২ লৈ বৃদ্ধি পাব পাৰে । কংগ্ৰেছ নেতা তিৱাৰীয়ে কয় যে এনে হ’লে লোকসভাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত তামিলনাডু সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব ।

Exit mobile version