নিয়ম লংঘনৰ অভিযােগত শিল্পা-ৰাজক তিনি লাখ টকাৰ জৰিমনা ছেবিৰ

SEBI

নিয়ম উলংঘন কৰাৰ অপৰাধত বলিউড অভিনেত্রী শিল্পা শেড়ী, তেওঁৰ স্বামী ৰাজ কুন্দ্রা আৰু ভিয়ান ইণ্ডাষ্ট্রিজক তিনি লাখ টকাৰ জৰিমনা বিহিলে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’র্ড অৱ ইণ্ডিয়া (ছেবি)ই।

বজাৰ নিয়ন্ত্রক সংস্থাটোৰ হৈ সুৰেশ মেননে আজি এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, যাৱতীয় বিষয় পৰীক্ষা কৰাৰ পাছত জৰিমনা ধার্য কৰা হৈছে। নির্দেশ প্রদানৰ ৪৫ দিনৰ ভিতৰত যৌথভাৱে আৰু সমভাৱে জৰিমনাৰ ধন আদায় দিব লাগিব।

ছেবিৰ সূত্ৰই প্ৰকাশ কৰা মতে, বােম্বে ষ্টক এক্সচেঞ্জত ভিয়ান ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰ নথিভুক্ত আছিল আৰু এই সংস্থাৰ প্রমােটৰ আছিল শিল্পা আৰু ৰাজ।

ভিয়ান ইণ্ডাষ্ট্রিজে ছেবিৰ নিয়ম উলংঘন কৰাৰ অভিযােগত ২০১৩ৰ পৰা তদন্ত অব্যাহত আছিল আৰু এই অভিযোেগতে প্রতিষ্ঠানটোক দোষী সাব্যস্ত কৰি ছেবিয়ে তিনি লাখ টকাৰ জৰিমনা বিহিলে।

Exit mobile version