ভাওৰাগুৰীত ৰাইচিং ইউথ আৰ্মি নামৰ বেচৰকাৰী সংস্থা গঠন

WhatsApp Image 2021 07 30 at 1.39.41 PM

গোসাইগাও মহকুমাৰ ভাওৰাগুৰীৰ যুৱক-যুৱতীসকলে একত্ৰিত হৈ এক নতুন চিন্তাধাৰাৰে সমাজৰ লগতে দেশখনক আগুৱাই লোৱাত সহায় কৰা আৰু দৰিদ্ৰ দুখীয়া কাষত থিয় দিয়াৰ লক্ষ্যৰে আজি ভাওৰাগুৰীত শুভ কুমাৰ সাহাক সভাপতি আৰু দেৱব্ৰত দাসক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২৫ জনীয়া এটা শক্তিশালী বেচৰকাৰী সংস্থা গঠন কৰে।

এই নৱ গঠিত সংস্থাটোৱে সকলো সময়তে ৰাইজৰ স্বাৰ্থত কামকৰি যাব বুলি সংস্থাটোৰ সভাপতি শুভ কুমাৰ সাহাই সদৰি কৰে। শুভ কুমাৰ সাহাই লগতে সকলো ব্যাক্তিকে এই সংস্থাটোৰ লগত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায় ।

Exit mobile version