উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে পৰিবহন বিভাগৰ বিশেষ উদ্যোগ

১৫ দিনত দৈনিক ২৫ জনকৈ শিক্ষার্থীলৈ “শিকাৰু অনুজ্ঞাপত্ৰ” প্রদানৰ ব্যৱস্থা

traffic main

ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ নির্দেশ মর্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ শিক্ষার্থীসকলক “শিকাৰু অনুজ্ঞাপত্ৰ” (লার্নাৰ লাইচেঞ্চ) প্ৰদানৰ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

যিসকল শিক্ষার্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অসমৰ বাৰিলৈ যােৱাৰ প্রস্তুতি চলাইছে সেইসকলে এই ব্যৱস্থাপনাৰ সুবিধা গ্রহণ কৰিব পাৰিব। ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ১৮ বছৰ সম্পূৰ্ণ হােৱা যিসকল শিক্ষার্থীয়ে এই অনুজ্ঞাপত্ৰৰ বাবে আৱেদন কৰিব তেওঁলােকক হােন্দা চেটি ড্রাইভিং এডুকেশ্বন চেণ্টাৰৰ সহযােগিতাত পথ সুৰক্ষা আৰু যানবাহন চলােৱাৰ বিধি সন্দৰ্ভত প্রাথমিক জ্ঞান প্রদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হ’ব।

সেই অনুসৰি অহা এক আগষ্টৰপৰা ১৫ আগষ্টলৈ মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্রতিদিনই ২৫ গৰাকীকৈ আৱেদনকাৰীক যানবাহনৰ যাৱতীয় জ্ঞান প্রদান কৰি থিতাতে শিকাৰু অনুজ্ঞাপত্র প্রদান কৰা হ’ব।

জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে জানিবলৈ দিয়া মতে ইচ্ছুক আৱেদনকাৰীসকলে শিকাৰু অনুজ্ঞাপত্ৰৰ বাবে নিজৰ নাম-ঠিকনা, বয়সৰ প্ৰমাণ পত্রসহ “Parivahan Sewa” portal অথবা “http//sarathi.parivahan.gov.in/sarathi service”ত অনলাইনযােগে আৱেদন কৰিব লাগিব।

তদুপৰি অনলাইন আৱেদনৰ পাছত আৱেদনকাৰীসকলে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ৪৯ নম্বৰ কাউন্টাৰত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ মাৰ্কটি অথবা প্রমাণ-পত্ৰৰ লগতে বয়স আৰু ঠিকনাৰ প্ৰমাণ-পত্র দাখিল কৰি নিজৰ যােগদান নিশ্চিত কৰিব লাগিব।

উল্লেখ্য যে যান- বাহনৰ সকলাে বিধি মানি আমাৰ উঠি অহা প্রজন্মই যাতে নিজৰ ৰাজ্যখনৰ লগতে বহিঃৰাজ্যতাে নিজকে ভৱিষ্যতৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলি আদর্শ দেখুৱাব পাৰে সেই উদ্দেশ্যেই এই প্রয়াস কৰা হৈছে বুলি পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰে।

Exit mobile version