গৃহহাৰাসকলৰ টিকাকৰণত প্ৰাধান্যতা দিবলৈ ৰাজ্যসমূহক পুনৰ স্মৰণ কৰিলে কেন্দ্ৰই

Homeless in India

সময় থাকোতেই কৰ’নাৰ তৃতীয় ঢৌক লৈ সতৰ্ক কৰিছে বিশেষজ্ঞসকলে । শীঘ্ৰে টিকাকৰণ সম্পন্ন কৰাৰ পৰামৰ্শ দিয়া হৈছে । সেই পৰামৰ্শ মৰ্মেই এইবাৰ গৃহহাৰা আৰু অঘৰীসকলক প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে উদ্যোগী কেন্দ্ৰীয় চৰকাৰ ।  সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক নিৰ্দেশ দিয়া হৈছে যে আশ্ৰয়হীন আৰু অঘৰীসকলৰ টিকাকৰণত প্ৰাধান্যতা দিব লাগে ।

ইয়াৰ পূৰ্বে, যোৱা ছয় মে’ত এক নিৰ্দেশনাত ভিক্ষুক, অঘৰী আৰু বিভিন্ন পুনৰ্বাসন কেন্দ্ৰত আশ্ৰয় লৈ থকা লোকসকলক প্ৰতিষেধক প্ৰদান কৰাত জোৰ দিবলৈ কৈছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে । এই বিষয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক পুনৰ স্মৰণ কৰি কেন্দ্ৰ‌ই জনায়, প্ৰতিষেধক ল’বৰ বাবে বহুতৰে ক’উইন এপত নাম নথিভুক্ত কৰাৰ সুবিধা নাই । প্ৰয়োজনীয় পৰিচয়পত্ৰ‌ও নাই । সেয়ে ৰাজ্য চৰকাৰেই উদ্যোগ ল’ব লাগিব ।

এই কাৰ্যত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ’লে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় বিচাৰ আৰু ক্ষমতাশীল বিভাগক জনাবলৈ দিয়া হৈছে, যাতে স্বাস্থ্য মন্ত্ৰণালয়ৰ সহযোগিতাত আশ্ৰয়হীন, অঘৰী আৰু ভিক্ষুসকলক সাৰ্বিক টিকাকৰণৰ আওতাত আনিব পাৰি । এনে ক্ষেত্ৰত বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ সহায় লোৱাৰো পৰামৰ্শ দিয়া হৈছে ।

Exit mobile version