আইআৰচিটিচিয়ে আপোনালৈ আগবঢ়াইছে স্থায়ী উপাৰ্জনৰ দিহা

indian railways history

মাহটোৰ শেষত স্থায়ী উপাৰ্জন কৰাত অসুবিধা হৈছে নেকি আপোনাৰ ? আইআৰচিটিচিয়ে এইবাৰ আপোনাৰ বাবে এক বিশেষ সুযোগ প্ৰদান কৰিছে । এই সুযোগ গ্ৰহণ কৰি আপুনি সহজতে ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেছন (ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজম কৰ্প’ৰেছন) বা আইআৰচিটিচিৰ বাবে বুকিং এজেণ্ট হিচাপে কাম আৰম্ভ কৰিব পাৰে । এই কাম কৰিলে প্ৰতি মাহে ৮০ হেজাৰ টকালৈকে উপাৰ্জনৰ সুযোগ আছে । ইয়াৰ বাবে কেৱল কেইটামান বিশেষ পদ্ধতি আৰু তথ্য জানি ল’ব লাগিব আপুনি ।

বৰ্তমানে ভাৰতীয় ৰেলৰ বেছিভাগ টিকটৰ বুকিং অনলাইনতে সম্পন্ন হয় । ক’ভিডৰ পাছৰে পৰা, ষ্টেচনলৈ গৈ কাউণ্টাৰৰ পৰা টিকট ক্ৰয় কৰাৰ প্ৰয়োজনীয়তা প্ৰায় নোহোৱা হৈ পৰিছে । এক অধ্যয়ন অনুসৰি, বৰ্তমান ৰেলৱেৰ সৰ্বমুঠ টিকট বুকিঙৰ কমেও ৫৫ শতাংশ টিকট অনলাইন মোডৰ জৰিয়তে হয় । এই টিকট বুকিঙৰ কামতে আপুনি বিচাৰিলে নিজকো নিয়োজিত কৰিব পাৰে । ঘৰতে বহি বহি মাত্ৰ কেইটামানৰ কাম কৰিলেই মাহটোৰ শেষত অতিৰিক্ত উপাৰ্জন আহি থাকিব ।

ইয়াৰ বাবে প্ৰথমেই অনলাইনযোগে পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আপুনি । তাৰ পাছত আপোনাৰ সকলো নথি পত্ৰৰ স্কেন আৰু প্ৰতিলিপি আৰু স্বাক্ষৰিত আবেদন পত্ৰ দাখিল কৰিব লাগিব । সকলো নথিপত্ৰ প্ৰমাণিত হোৱাৰ পাছত, আইআৰচিটিচিয়ে পোনপটীয়াকৈ আপোনাৰ আইআৰচিটিচি আইডিলৈ ১,১৮০ টকা প্ৰেৰণ কৰিব । তাৰ পাছত আপোনালৈ এখন ডিজিটেল প্ৰমাণপত্ৰ প্ৰেৰণ কৰা হ’ব । এই ডিজিটেল প্ৰমাণপত্ৰ আপোনাৰ হাতত পৰাৰ পাছত আপোনাক আইআৰচিটিচিৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ মাচুল জমা কৰিবলৈ কোৱা হ’ব ।

যদি মাচুল সঠিকভাৱে জমা কৰা হয়, আইআৰচিটিচিয়ে আপোনাৰ মেইল আইডিলৈ সকলো প্ৰমাণপত্ৰ মেইল প্ৰদান কৰিব আৰু তেতিয়াহে আপুনি আইআৰচিটিচিত অন্তৰ্ভুক্ত এজেণ্ট হিচাপে টিকট বুক কৰিব পাৰিব ।

উল্লেখ্য যে এই কামৰ বাবে আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ম’বাইল নম্বৰ, ই-মেইল আইডি, আপোনাৰ নিজৰ ফটো, কাৰ্যালয়ৰ ঠিকনাৰ প্ৰমাণ, আপোনাৰ নিজৰ ঠিকনাৰ প্ৰমাণ আৰু পঞ্জীয়ন আৰু ঘোষণা প্ৰ-পত্ৰৰ প্ৰয়োজন হ’ব ।

Exit mobile version