কোকৰাঝাৰ জিলাৰ চিথিলাৰ নয়াছাৰা চাৰিআলি বজাৰত এবিএমছুৰ চিথিলা আঞ্চলিক কমিটি আৰু নয়াছাৰা শাখা কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত এবিএমছুৰ কৰ্মকৰ্তা সকল হাতে হাতে প্লেকাৰ্ড লৈ লাফিকুল হত্যাৰ চিবিআই তদন্ত ৰাজহুৱা কৰক , লাফিকুল হত্যাকাৰীক গ্ৰেফতাৰ কৰক , এবিএমছু জিন্দাবাদ আদি শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে ।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি এবিএমছুৰ কেন্দ্ৰীয় উপ সভাপতি আলিআজম শ্বেখে কয় যে লাফিকুল ইছলাম হত্যাৰ চাৰিবছৰ উকলি যোৱাৰ পাছতো দোষীক কৰায়ত্ব নকৰাটো দুৰ্ভাগ্যজনক।
লগতে বিজেপি আৰু মূখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া বুলি ব্যাক্ত কৰে ছাত্ৰ নেতাজনে। লগতে এবিএমছুৰ কেন্দ্ৰীয় উপ সভাপতি আলিআজম শ্বেখে আৰু কয় যে চৰকাৰে যদি চৰকাৰে অতি সোনকালে লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচী নিদিয়ে তেতিয়াহলে যিকোনো ভয়াবহ গণতান্ত্রিক আন্দোলনৰ বাবে চৰকাৰ জগৰীয়া হব।