কেৰালাত জিকা ভাইৰাছৰ সংক্ৰমণ, পুনৰ দুজন আক্ৰান্ত

BC mosq page

কেৰালাত পুনৰ দুজনকৈ লোক জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্ধান পোৱা গৈছে । আক্ৰান্তসকলৰ ভিতৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীও আছে । এই পৰ্যন্ত কেৰালাত জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬৩ লৈ বৃদ্ধি পালে । এই কথা জনালে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে । সম্প্ৰতি দক্ষিণৰ ৰাজ্যখনত তিনিজন সক্ৰিয় জিকা ৰোগী আছে ।

শনিবাৰে মহাৰাষ্ট্ৰৰ পুণেত এজন জিকা আক্ৰান্তৰ সন্ধান পোৱা যায় । মহাৰাষ্ট্ৰৰ আক্ৰান্তৰ তালিকাত তেঁৱেই প্ৰথম । কেৰালাত অৱশ্যে জুলাইৰ আৰম্ভণিৰ পৰাই জিকা আক্ৰান্তৰ সন্ধান পোৱা যায় । ৰাজ্যখনত আঠ জুলাইত এগৰাকী ২৪ বছৰীয়া মহিলাৰ শৰীৰত জিকা ভাইৰাছৰ উপস্থিতি পোৱা যায় । অৱশ্যে তেওঁ চিকিৎসাৰ পাছত সুস্থ হয় । কিন্তু ইয়াৰ পাছতো ৰাজ্যখনত কম বেছি পৰিমাণে আক্ৰান্তৰ সন্ধান পোৱা গৈছে ।

প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে ইতিমধ্যে জিকা সংক্ৰমণৰ বিষয়ে দৃষ্টি ৰাখিবলৈ কেৰালা চৰকাৰে কণ্ট্ৰ’ল ৰূম প্ৰস্তুত কৰিছে । মহৰ দ্বাৰা বিয়পা এই ৰোগ বিধক ৰোধ কৰিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

বেচৰকাৰী হাস্পতালৰ সূত্ৰ অনুসৰি, বহুতেই জ্বৰ, ৰেছ আৰু ৰঙা চকুৰ উপসৰ্গৰে হাস্পতালত চিকিৎসাৰ বাবে আহে । ফলত কেৰালাত উল্লেখযোগ্য হাৰত ৰোগ সংক্ৰমিত হৈছে বুলি মত প্ৰকাশ কৰে চিকিৎসকসকলেও ।

Exit mobile version