পুনৰ মাতৃত্বৰ পথত ঐশ্বর্য !

abhishek ash

অনুষ্কা শর্মা, কৰীণা কাপুৰ খান আৰু দিয়া মির্জাৰ পাছত আন এগৰাকী অভিনেত্রীয়ে মাতৃত্ব অর্জনৰ দিশে অগ্ৰসৰ হৈছে। অৱশ্যে তেওঁ দ্বিতীয়বাৰলৈ মাত্ব হ’বলৈ ওলাইছে।সম্প্রতি ঐশ্বর্য ৰাই বচ্চনক কেন্দ্ৰ কৰি এই চর্চাই হৈছে সামাজিক মাধ্যমত।

উল্লেখ্য যে বলিউদ কেৰিয়াৰৰ মধ্যগগনত থকা অৱস্থাতে অভিষেক বচ্চনৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল ঐশ্বর্য। ২০০৭ত বিবাহৰ পাছৰে পৰা সংসাৰী হৈ তেওঁ ছবিত অভিনয়ৰ সংখ্যাও কমাইছে।

যদিও দেশ-বিদেশত প্ৰাক্তন বিশ্ব সুন্দৰীৰ জনপ্রিয়তা সামান্যতমাে হ্রাস পােৱা নাই। ২০১১ত তেওঁ কন্যা সন্তান আৰাধ্যাৰ মাতৃ হয়। তাৰকা দম্পতীৰ সংসাৰ যথেষ্ট সুখেৰেই অতিবাহিত হৈছে।

ইয়াৰ মাজতে আৰম্ভ হৈছে নতুন গুঞ্জন। কিছু মাহৰ পাছতেই মাতৃ হ’ব ঐশ্বর্য। সামাজিক মাধ্যমত ঐশ্বর্যই প’ষ্ট কৰা কেইখনমান ফটোৰ বাবেই সম্প্রতি চর্চা আৰম্ভ হৈছে। ফটোবােৰ দেখি সকলােৱে ঐশ্বর্য অন্তঃসত্ত্বা হােৱা বুলিয়ে ধৰি লৈছে।

বহুতে আনকি তেওঁক শুভেচ্ছাও জনাইছে। তাৰকা অভিনেত্রীগৰাকীৰ লগতে অভিষেকেও অৱশ্যে এই সন্দৰ্ভত কোনাে প্রতিক্রিয়া প্রকাশ কৰা নাই।

উল্লেখ্য যে ঐশ্বর্যই সম্প্রতি তামিল পৰিচালক মণি ৰমৰ ছবি ‘পননিয়ান ছেলভান’ত অভিনয় কৰি আছে। সম্প্রতি স্বামী অভিষেকে চিত্রগ্রহণস্থলীত উপস্থিত হৈছিল। তেতিয়াই ঐশ্বর্যৰ সেই ফটো তােলা হৈছিল।

সেয়ে প্ৰকৃততে ঐশ্বর্য অন্তঃসত্ত্বা হৈছে নে তেওঁ অভিনয় কৰি থকা চৰিত্ৰটোৰ বাবে অন্তঃসত্ত্বা হােৱাৰ মেক-আপ কৰিছিল, সেয়া এতিয়াও নিশ্চিত হােৱা নাই।

Exit mobile version