বিধায়ক বিশ্বজিৎ ফুকনৰ বিশেষ উদ্যোগ: সৰুপথাৰত নিৰ্মাণ হ’ব লাভলীনা বৰগোঁহাই ক্ৰীড়া প্ৰকল্প, লাভলীনাৰ ঘৰলৈ যোৱা বোকাময় পথ যুদ্ধকালিনভাৱে নিৰ্মাণ

27e993a2 e8cd 4ce1 9fa9 ee7ebbdda1df

সৰুপথাৰ বিধান সভা সমষ্টিত নিৰ্মাণ কৰা হ’ব লাভলীনা বৰগোঁহাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প । মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি এই কথা ঘোষণা কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।

এই ক্ষেত্ৰত সমষ্টিটোৰ জন-প্ৰতিনিধিজনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । উক্ত প্ৰকল্পৰ বাবে নাহৰবাৰীৰ ৪০ বিঘা মাটি ইতিমধ্যে পৰিদৰ্শন কৰি প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে ।

দৈনিক অগ্ৰদূতৰ আগত আজি বিধায়ক বিশ্বজিৎ ফুকনে এই কথা প্ৰকাশ কৰি কয় যে, লাভলীনাই গাঁৱৰ বোকা-পানী খচকি ঘাট-প্ৰতিঘাটৰ মাজেৰে নিজস্ব ব্যক্তিগত প্ৰচেষ্টাৰে সমগ্ৰ বিশ্বৰ সমূখত ভাৰতৰ নাম,অসমৰ নাম উজলাবলৈ সক্ষম হৈছে ।

কিন্তু সৰ্ব দিশতে বিধ্বস্ত সৰুপথাৰ সমষ্টিত ক্ৰীড়াৰ কোনো আন্তঃগাঠনিয়েই নাই । নৱ-প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰি সৰুপথাৰত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টিৰ বাবে আগন্তুক দিনত বিশেষ উদ্যোগ কৰা হ’ব আৰু লাভলীনাক উক্ত ক্ৰীড়া প্ৰকল্প উপহাৰ হিচাপে দিয়াৰ আন্তৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে ,টকিঅ’ অলিম্পিকত উজলি উঠি সমগ্ৰ ভাৰতবৰ্ষ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ বৰপথাৰ বাৰমুখীয়া গাঁৱৰ ঘৰলৈ পথচোৱাৰ এক বিধ্বস্ত ৰূপ ।

বোকাময় পথচোৱা উন্নয়নৰ বাবে বিগত দিন সমূহত আবেদন-নিবেদন কৰি পোৱা নাছিল সুফল । তদানীন্তধ উপায়ুক্ত বিভাস চন্দ্ৰ মোদিয়ে উক্ত পথ নিৰ্মাণৰ কথা দিওঁ কথা নাৰাখিলে বুলি লাভলীনাৰ পিতৃ তীকেন বৰগোঁহায়ে ক্ষোভেৰে প্ৰকাশ কৰে ।

বৰ্তমান বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত যুদ্ধকালিনভাৱে নিৰ্মাণ অব্যাহত আছে বাৰমুখীয়া গাঁৱৰ জীয়াৰী লাভলীনাৰ ঘৰলৈ যোৱা বোকাময় পথচোৱা । অতি কম সময়ৰ ভিতৰতে উক্ত পথৰ পকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি বিধায়ক ফুকনে প্ৰকাশ কৰে ।

Exit mobile version