অলিম্পিকৰ ভৰপক অৱস্থাতো জনশূন্য টকিঅ’ৰ পানশালা

budapest cocktail bar tokio inside 2 1024x768 1

নির্জনতা ভালপােৱা মানুহে সচৰাচৰ জনশূন্যহীন প্রাকৃতিক পৰিৱেশত সময় উপভােগ কৰি ভাল পায়। অৱশ্যে জাপানৰ ৰাজধানী টকিঅ’ত এতিয়া তেনে ধৰণৰ একাংশ লােকে নির্জনতা উপভােগৰ বাবে দৌৰিছে পানশালালৈ।

সচৰাচৰ পানশালাত হুলস্থুলীয়া পৰিৱেশ থাকে। উচ্চাংগ সংগীত, গ্রাহকৰ উল্লাস আদিৰ বাবেই পানশালাবােৰ পৰিচিত। অথচ অলিম্পিকৰ দৰে ক্রীড়া প্রতিযােগিতাৰ সময়তাে টকিঅ’ৰ পানশালাসমূহত এতিয়া নিমাওমাও পৰিৱেশ। কোনাে দেশত অলিম্পিক আয়ােজিত হলে দেশখনৰ চেহেৰাই সলনি হৈ পৰে।

অথচ ক’ভিড-১৯ পৰিৱেশত টকিঅ’ৰ চেহেৰাটো সম্পূর্ণ পৃথক দেখা গৈছে। চৌদিশ নীৰৱ-নিতাল। এই নিস্তব্ধতাৰ মাজতে চলি আছে অলিম্পিক। টকিঅ’ অলিম্পিকত দর্শক নথকাৰ বাবেই চহৰখনৰ পানশালাসমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

বিভিন্ন দেশৰ দৰ্শকে আহি টকিঅ’ত ভিৰ কৰাৰ কথা আছিল। অৱশ্যে ক’ভিড পৰিস্থিতিৰ বাবে সেয়াও নহ’ল। দেশ-বিদেশৰ দর্শকৰ বাবেই টকিঅ’ৰ পানশালাসমূহ বিশেষ ৰূপত সজাইছিল।

কিন্তু ক’ভিডৰ বাবে বিদেশী দর্শকক নিষিদ্ধ কৰা হয়। স্থানীয় লােকে ইচ্ছা কৰিলে পানশালালৈ আহিব পাৰে, যদিও তেওঁলােকৰাে পানশালাৰ পৰিৱেশত মন নভৰিব। কিয়নাে চিঞৰ-বাখৰ কৰা বা গান-বাজনাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিততে অলিম্পিক আৰম্ভ হােৱাৰ এসপ্তাহৰ পাছতাে সকলাে পানশালাই নীৰৱ-নিতাল হৈ আছে। পানশালাৰ চীয়েৰলিডাৰসকলেও নিয়ম অনুসৰি নৃত্য অব্যাহত ৰাখিছে যদিও সংগীত নাই। চহৰখনৰ এখন পানশালাৰ স্বত্ত্বাধিকাৰীয়ে কয়, “আমাৰ ব্যৱসায় অব্যাহত ৰাখিব পাৰিম নে নাই মই নাজানাে।

অৱশ্যে আমি আৰু পৰিশ্ৰম কৰিব লাগিব। কাৰণ আমি এটা বেয়া পৰিস্থিতিৰ মাজেৰে অতিবাহিত কৰিছাে। উল্লেখ্য যে এই পানশালাসমূহত বহি সুৰাৰ গিলাচত চুমুক দি অলিম্পিক খেল উপভােগ কৰাৰ সুযােগ আছে। কিন্তু কোনাে ধৰণৰ শব্দ কৰিব নােৱাৰিব, কোনাে ধৰণৰ উল্লাস প্রদর্শন কৰিব নােৱাৰিব।

অতি নিঃশব্দে বহি খেল চাব পাৰিব। যাৰ বাবে অলিম্পিক চাবলৈকো স্থানীয় মানুহে পানশালালৈ অহা নাই। অৱশ্যে এনে লােকো আছে যি পানশালাৰ এই নিস্তব্ধতাক উপভােগাে কৰিছে। এই প্রসংগত ২৭ বছৰীয়া দাইচিয়ে কয়, ‘মই ইয়ালৈ আহি অলিম্পিক চাইছাে।

এই মুহূর্তত পৰিস্থিতি একেবাৰে ভাল নহয়। সেয়ে বেছি মানুহ এই পানশালাসমূহলৈ অহা নাই। সেইবাবেই মােৰ বৰ ভাল লাগিছে। এনে লাগিছে যেন সকলােবােৰেই মােৰ নিজৰ।এনেয়েও যেতিয়া সপ্তাহৰ মাজভাগত ভিৰ কম থাকে, তেতিয়াও মই ইয়ালৈ আহাে।’

Exit mobile version