জটিল ৰোগত আক্রান্ত কিশোৰ, অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত

WhatsApp Image 2021 08 02 at 7.42.02 PM

সমগ্ৰ দেশৰ লগতে ৰাজ্যত বিয়পি পৰিছে মহামাৰী কৰ’না । ফলত দেশৰ জনসাধাৰণৰ মাজত এক অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে । এই দুৰ্যোগৰ মাজতে জটিল ৰোগত আক্রান্ত হৈ যন্ত্ৰনাত চটফটাই থকা এটা দুৰ্ভগীয়া পৰিয়াল।

পৰিয়ালটো কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিলৰ থানৰ অন্তৰ্গত কুমগুৰীৰ। গাঁওখনৰ  বাসিন্দা ছুৰোত জামালৰ পুত্ৰ ময়নাল হক বিগত প্ৰায় ছমাহৰ পৰাই কঠিন ৰোগত আক্ৰান্ত হৈ অসুস্থ।পিতৃয়ে ইতিমধ্যে পশ্চিমবংগৰ ভালেকেইখন উন্নত চিকিৎসালয়ত পুত্ৰৰ চিকিৎসা প্ৰদান কৰি নিজা সকলো সম্পত্তি ব্যয় কৰিলে। কিন্তু তেওঁৰ ১৭ বছৰীয়া পুত্ৰ ময়নালৰ অৱস্থা উন্নত হোৱাৰ পৰিৱৰ্তে দিনক দিনে অৱনতিৰ ফালে ঢাল খোৱাত অত্যন্ত হতাশাত ভুগিছে পৰিয়ালটোৱে।

দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে নিজ পৰিয়াল পোহপাল দি থকাৰ সময়তে কণিষ্ঠ পুত্ৰৰ এনে অৱস্থাত অমানিশা নামি আহিছে দুৰ্ভগীয়া পৰিয়ালটোলৈ। পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন বহু অৰ্থৰ যাৰ বাবে লোকজন এই মুহূৰ্তত সম্পূৰ্ণৰূপে অসমৰ্থ । সেয়ে উপায়ন্তৰ  আত্মীয়ই যুৱকজনৰ চিকিৎসাৰ বাবে অসমবাসীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীলৈ সহায়ৰ বাবে কাতৰ আহ্বান জনায়।

কোনোবা সদাসয় ব্যক্তিয়ে পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে তলত দিয়া ভূক্তভোগীৰ আত্মীয়ৰ ফোন নম্বৰ 8812842130 ত সংযোগ স্থাপন কৰি মাতৃ কাৰীফুল বিবিৰ এছ বি আই বেংকৰ 35219724018 , IFSC code-SBINOO13090 নম্বৰত নিজ সাহায্যৰ পুঁজি জমা কৰিব পাৰিব। আপোনালোকৰ সাহায্যই পৰিয়ালটোলৈ সুখৰ বতৰা কঢ়িয়াই আনিব পাৰে।

Exit mobile version