জালিখাটাৰ শিৱ থান সমিতিয়ে দেখুৱাইছে সততাৰ নিদৰ্শন

বছৰৰ প্ৰতিটো দিনতেই বজালীৰ জালিখাটাৰ শিৱ থানলৈ ভক্ত, দৰ্শনাৰ্থী আৰু গৱেষক শিক্ষাৰ্থী আহে । কাৰণ ইয়াত থকা শিৱ থানখনৰ মাহাত্ম্য আৰু এছিয়াৰ ভিতৰত দ্বিতীয় বটবৃক্ষ জোপাৰ বিষয়ে জনাৰ অফুৰন্ত কৌতুহল । ক’ভিডকালীন পৰিৱেশত ইয়ালৈ বাহিৰৰ পৰা অহা দৰ্শনাৰ্থী হ্ৰাস পাইছে যদিও স্থানীয় ভিন্ন প্ৰান্তৰ পৰা মাজে মাজে ভক্ত দৰ্শনাৰ্থী আহে ।

ADVERTISEMENT

আজি পৱিত্ৰ শাওণ মাহৰ তৃতীয় সোমবাৰ । থানখনলৈ ভক্তবৃন্দ আহিছে । হাতত নৈবেদ্য, ধূপ আৰু প্ৰজ্বলিত প্ৰদীপ । এক দৃষ্টিনন্দন আৰু ভক্তিপূৰ্ণ পৰিৱেশ । এই পৰিৱেশৰ মাজতে আজি থান পৰিচালনা সমিতিয়ে অসম দৰ্শন আঁচনিৰ অধীনত পোৱা ১০ লক্ষ টকা ব্যয় সাপেক্ষ এটা ভোগ গৃহৰ আধাৰশিলা স্থাপন কৰে ।

প্ৰসংগত, শিৱ থান সমিতি জালিখাটাই ইয়াৰ থানৰ উন্নয়নৰ বাবে চৰকাৰেই হওক অথবা ব্যক্তি বিশেষৰ পৰাই হওক প্ৰাপ্ত প্ৰতিটো টকাৰেই উচিত আৰু প্ৰয়োজন সাপেক্ষ কাৰ্যতহে খৰচ কৰে আৰু অতি সততাৰে পৰিচালনা সমিতিয়ে ব্যয়ৰ দিশত সততাৰ নিদৰ্শন দেখুৱাই আহিছে । আজি ভোগ গৃহৰ শিলান্যাস কাৰ্যসূচী সমাপন কৰে থানৰ উপদেষ্টা তথা লেখক পুলু কুমাৰ শৰ্মাই ।

ভাষণ প্ৰসংগত তেওঁ অসম চৰকাৰক থানখনক অসম দৰ্শন আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু শিৱ থানক অসমৰ পৰ্যটনৰ মানচিত্ৰত এক উল্লেখযোগ্য স্থানত উপবিষ্ট কৰাবলৈ অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনায় ।

উল্লেখযোগ্য যে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই শিৱ থানৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰিছে । আজিৰ শিলান্যাস কাৰ্যসূচীত পৰিচালনা সমিতিৰ ভাস্কৰ কলিতা , গঙ্গাধৰ কলিতা , কিশোৰ পাঠক , সুৰেশ পাঠক , ৰবিন কলিতা , যতীন দাসকে ধৰি থান পৰিচালনা সমিতিৰ কে’বাগৰাকীও সদস্য উপস্থিত থাকে ।

Exit mobile version