তামাৰহাটত ভেজাল আটা, প্লাষ্টিক সদৃশ সংমিশ্ৰিত খাদ্য খাই গ্ৰাহকৰ মাজত হাহাকাৰ

WhatsApp Image 2021 08 02 at 7.42.03 PM

তামাৰহাটত ভেজাল আটাৰ ৰমৰমীয়া বেহা। বজাৰৰ পৰা আটা ক্ৰয় কৰি আটাৰ মাজত প্লাষ্টিক সদৃশ দ্ৰব্যৰ সংমিশ্ৰণ দেখা পাই গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ। শনিবাৰে তামাৰহাট থানাৰ অন্তৰ্গত উজান পেটলা ১ম খণ্ড গাঁৱৰ সাহানুৰ মণ্ডলে তামাৰহাট বজাৰৰ পৰা দুই কেজি আটা ক্ৰয় কৰি ঘৰলৈ আনে। দেওবাৰে পুৱা সাহানুৰ মণ্ডলৰ মাতৃয়ে সেই আটাখিনিৰ ৰুটি বনাওতে জোলোঙাৰ মেকুৰী ওলাই পৰে।

ADVERTISEMENT

অইন আটাৰ দৰে আটাখিনি নোহোৱা দেখি ঘৰৰ সকলোৱে আচৰিত হৈ পৰে। দৃশ্য চাবলৈ উপস্থিত হয় ৰাইজ। পিছত আটাখিনি পানীত মিহলাই চাকনিৰে চেকাত অৱশিষ্ট ডাঠ প্লাষ্টিক জাতীয় বস্তু দেখা পাই শংকিত হৈ পৰে সাহানুৰৰ পৰিয়াল তথা গাঁওবাসী। টানিলে ৰবৰৰ দৰে দীঘল হয় অৱশিষ্ট বস্তুখিনি।

আটাখিনি তামাৰহাট বজাৰত থকা সকলোৰে চিনাকি সাহা ষ্টোৰৰ পৰা সাহানুৰ মণ্ডলে কিনি আনিছিল বুলি উল্লেখ কৰে। ৰবৰৰ দৰে দীঘল হোৱা বস্তু খিনি প্ৰকৃততে প্লাষ্টিক নে দেহত ক্ষতি কাৰক অইন কিবা তাক লৈ চিন্তিত ভুক্তভোগী পৰিয়াল। কিয়নো পৰিয়ালৰ এজন সদস্যই ইতিমধ্যে খাইছে তিনিটাকৈ ভেজাল আটাৰ ৰুটি।

সমান্তৰালকৈ একেখন গাঁৱত জগদীশ ৰায়ৰ ঘৈনীয়েক অনিতা ৰায় নামৰ আন এগৰাকী মহিলাই ভেজাল আটাৰ ৰুটি খাই অসুস্থ অনুভৱ কৰাৰ কথা সাংবাদিকৰ আগত মন্তব্য কৰে।

SAKAMBARI FLOUR MILLS PVT.LTD নামৰ পশ্চিমবংগৰ এটি ব্যক্তিগত কোম্পানীয়ে বজাৰে বজাৰে প্লাষ্টিক জাতীয় বস্তু সংমিশ্ৰণ থকা ভেজাল আটা ৰপ্তানি কৰি মানুহৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে।

Exit mobile version