বিধায়ক অখিল গগৈৰ সতীৰ্থ সংগঠনৰ শিৱসাগৰত অখিল গগৈক ক্ষমা খোজাৰ আহ্বান

এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে উঠিছে অনুসূচিত জাতিক লৈ অপমান কৰাৰ অভিযোগ।

সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই কৰিছে এই অভিযোগ ।

শিৱসাগৰৰ বিভিন্ন স্থানত অসমৰ ভূমিপুত্ৰ কৈৱত তথা অনুসূচীত জাতিক লৈ অপমানসূচক মন্তব্য কৰিছিল বুলি অভিযোগ কৰে সংগঠনটোৱে ।

অনুসূচীত জাতিৰ মানুহ জালীয়া, কৈৱত মানুহে কেৱল কাজিয়া কৰিবহে জানে বুলি ৰাজহুৱা স্থানত বিধায়ক গগৈয়ে মন্তব্য কৰা বুলি অভিযোগ কৰে অনুসূচীত জাতি ছাত্ৰ সন্থাই ।

কৈৱত তথা অনুসূচীত জাতিক কৰা অপমানসূচক মন্তব্যৰ বাবে বিধায়ক অখিল গগৈক ক্ষমা খুজিবলৈ দাবী জনায় এসময়ৰ সতীৰ্থ সংগঠনটোৱে । অন্যথা তেওঁৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে ।

Exit mobile version