ভাৰতীয় মহিলা হকী দলৰ পৰা সোণৰ পদক বিচাৰি টুইট কৰিলে ‘কবিৰ’ শ্বাহৰুখ খানে

Screenshot 65

ভাৰতৰ মহিলা হকী দলৰ খেল দেখি মুগ্ধ শ্বাহৰুখ খান । সোমবাৰে অষ্ট্ৰেলিয়াক ১-০ ব্যৱধানত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰা ৰাণী ৰামপালৰ দলক টুইট কৰি অভিনন্দন ‌জনালে ‘চক দে ইণ্ডিয়া’ৰ প্ৰশিক্ষক কবিৰ খানৰ চিত্ৰ‌অভিনেতা শ্বাহৰুখ খানে । ছবিখনত কবিৰৰ প্ৰশিক্ষণত ভাৰতীয় মহিলা হকী দলে বিশ্বকাপ জয় কৰিছিল ।

ভাৰতীয় মহিলা হকী দলৰ প্ৰশিক্ষক ছোয়াৰ্ড মাৰি নকেক উদ্দেশ্যি টুইটাৰত শুভেচ্ছা জনায় অভিনেতাজনে । মাৰিনে নিজ দলৰ স’তে ছেলফি লৈ এটা টুইট কৰিছিল, ‘ক্ষমা কৰিব পৰিয়ালবৰ্গ । মই পাছত পুনৰ আহিম ।’ এই টুইটৰ পৰিপ্ৰেক্ষিততেই শ্বাহৰুখে টুইট কৰিছিল ।

মাৰিনক শ্বাহৰুখে লিখে, ‘পলমকৈ উভতিলেও সমস্যা নাই । কেৱল আহোতে সোণ লৈ আহক কে’বা কোটি পৰিয়ালৰ বাবে । এইবাৰ ধনতিৰছো পৰিছে দুই নৱেম্বৰত ।’ উল্লেখ্য যে শ্বাহৰুখে ‘ফ্ৰম: এক্স ক’চ্ কবিৰ খান’ লিখি টুইটটো সমাপ্ত কৰে ।

মহিলা হকী দলৰ প্ৰশিক্ষকজনে লিখে, ‘সমৰ্থন আৰু মৰমৰ বাবে ধন্যবাদ । আমি নিজকে উজাৰি দিম ।’ তেওঁ ‘ফ্ৰম: ৰিয়েল ক’চ্’ লিখি টুইটো সমাপ্ত কৰে ।

Exit mobile version