দুবছৰ পাছত সাধাৰণ নির্বাচন : প্রধানমন্ত্রী পদত বহি ঘােষণা ম্যানমাৰৰ সেনাপ্রধানৰ

download 1 2c09d05fdbbb2f615b6fb3747e48ecd7036d3600 s1100 c50

গণতন্ত্র পুনৰ প্ৰতিষ্ঠাৰ দাবীত বিগত কে’বামাহ ধৰি বিক্ষোভত উত্তাল হৈ আছে ম্যানমাৰ। সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে দেশখনৰ সহস্রাধিক গণতন্ত্রকামী নাগৰিকে।

এনে পৰিস্থিতিতে নিজকে অন্তৱর্তী চৰকাৰৰ প্রধানমন্ত্রী বুলি ঘােষণা কৰিলে ম্যানমাৰৰ সেনাপ্রধান মিন অং লিয়াঙে। সেনাপ্রধানৰ দায়িত্ব পালনৰ লগতে আগন্তুক দুবছৰৰ বাবে ম্যানমাৰৰ প্ৰধানমন্ত্রী হিচাপে শাসন কার্য চলাব লিয়াঙে।

দুবছৰৰ পাছত অর্থাৎ ২০২৩তহে ম্যানমাৰত অনুষ্ঠিত হ’ব সাধাৰণ নির্বাচন। সেনাপ্রধানে প্রধানমন্ত্ৰীৰ দায়িত্ব গ্রহণৰ পাছত এইদৰে এক বিবৃতিত জানিবলৈ দিয়ে।

উল্লেখ্য যে যােৱা পহিলা ফেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ নেত্রী আং ছাং ছু‍্য কীক ক্ষমতাচ্যুত কৰি লিয়াঙে দেশখনত সামৰিক শাসন প্রৱর্তন কৰিছিল। ইয়াৰ পাছতে ছু‍্য কীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

Exit mobile version