ধর্ষণৰ অভিযােগত চীনত গ্রেপ্তাৰ দীপিকাৰ সহ-অভিনেতা ক্রিছ উ

freepressjournal 2021 08 45220ce8 b1ab 45f2 952f 880014e2aab4 kris wu deepika

বলিউডৰ অভিনেত্রী দীপিকা পাডুকনৰ সহ-অভিনেতা কিছু উক ধর্ষণৰ অভিযােগ গ্রেপ্তাৰ কৰিলে চীনৰ আৰক্ষীয়ে। ক্রিছে দীপিকাৰ স’তে হলিউডৰ ছবি ‘ত্রিপল এক্স : ৰিটাৰ্ণ অৱ জেণ্ডাৰ কেজ’ ছবিত অভিনয় কৰিছিল।

কানাডাৰ নাগৰিক ৩০ বছৰীয়া ক্ৰিছৰ বিৰুদ্ধে নাবালিকাৰ স’তে যৌন সম্পর্কত লিপ্ত হােৱাৰ অভিযােগ উত্থাপিত হৈছে। বেইজিং আৰক্ষীয়ে এক বিবৃতিত অভিনেতাজনক গ্রেপ্তাৰ কৰাৰ কথা প্রকাশ কৰি কয়, ‘কিশােৰীক ফান্দত পেলাই যৌন সম্পর্কত লিপ্ত হােৱাৰ অভিযােগত ক্রিছ উক গ্রেপ্তাৰ কৰা হৈছে।

জন্মসূত্রে চীনৰ বাসিন্দা হলেও এই পপ তাৰকাৰ কানাডাৰ পাৰপত্র আছে। উল্লেখ্য যে যােৱা মাহত চীনৰ এগৰাকী নাবালিকাই ক্ৰিছৰ বিৰুদ্ধে ধর্ষণৰ অভিযােগ উত্থাপন কৰিছিল। বলপূর্বক সুৰাপান কৰাই ক্রিছে তেওঁৰ স’তে দৈহিক সম্পর্কত লিপ্ত হৈছিল বুলি উক্ত নাবালিকাই অভিযােগ কৰিছিল। অনলাইনৰ জৰিয়তে বন্ধুত্ব গঢ়ি বহু নাবালিকাক এইদৰে ফান্দত পেলাই ক্রিছে ধর্ষণ কৰাৰ অভিযােগে উত্থাপিত হৈছে।

Exit mobile version