শালবাৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগ

লাভলীনা বৰগোহাঞিক শুভেচ্ছা জনাই চাইকেল সমদল

WhatsApp Image 2021 08 03 at 7.13.39 PM

অসম জীয়ৰী লাভলীনা বৰগোহাঞি টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আজি বাগসাৰ শালবাৰীৰ শিমলা গ্ৰাম্য ষ্টেডিয়ামত এক শুভেচ্ছামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ শালবাৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চাংজাৰাং স্পোর্টচ ক্লাৱৰ সহযোগত অনুষ্ঠিত লাভলীনা বৰগোহাঞিৰ শুভেচ্ছামূলক অনুষ্ঠানত শালবাৰী জিলা ক্ৰীড়া সন্থাৰ সভাপতি গগন গগৈ নাৰ্জাৰীয়ে পতাকা উত্তোলন কৰে৷

অনুষ্ঠানত শালবাৰী জিলা ক্ৰীড়া সন্থাৰ সম্পাদক বানেশ্বৰ ব্ৰহ্ম, ড° দুলেন কুমাৰ বসুমতাৰী,বিশিষ্ট সমাজকৰ্মী কৰুণাকান্ত বসুমতাৰী,শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক বিক্ৰম বসুমতাৰীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

পৰৱৰ্তী সময়ত চাকি-ধূপ প্ৰজ্বলন কৰাৰ পিছত লাভলীনা বৰগোহাঞিয়ে সোণৰ পদক লাভ কৰক, লাভলীনা দীৰ্ঘজীৱী হওক,লাভলীনা জয়ী হওক আদি শ্লোগান দি এক চাইকেল সমদল উলিওৱা হয় ।

Exit mobile version