ক’ভিডত বাধাগ্রস্ত কর্মক্ষেত্র : মহিলা শ্ৰমিকৰ অংশগ্রহণ ১৬.১ শতাংশলৈ হ্রাস

main qimg ba0c34706f77d2f5044bb7580083f1fb

ভাৰতৰ মহিলা শ্রমিক কর্মক্ষেত্ৰত অংশগ্রহণৰ হাৰ ১৬.১ শতাংশ হ্রাস পালে। এক চৰকাৰী প্রতিবেদনত শ্ৰমিকৰ অংশগ্ৰহণৰ সন্দৰ্ভত এই তথ্য প্রকাশ পাইছে।

অতিমাৰীৰ প্রভাৱত এই সময়ছােৱাত দেশৰ কর্মক্ষেত্র সর্বাধিক নেতিবাচকভাৱে ক্ষতিগ্রস্ত হৈছিল আৰু ইয়াৰ ফলতে ২০২০ৰ জুলাই-ছেপ্টেম্বৰ ত্রিমাসিক মহিলা শ্রমিকৰ অংশগ্রহণ সর্বনিম্ন হৈছিল।

২০২০ এপ্রিল-জুনৰ সময়ছােৱাত ভাৰতৰ মহিলা শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ ১৫.৫ শতাংশলৈ হ্রাস পাইছিল আৰু ই আছিল এক অভিলেখ। উল্লেখ্য যে এপ্রিল-জুনৰ সময়ছােৱাত ভাৰতত সর্বাত্মক কঠোৰ তলাবন্ধ ঘােষিত হৈছিল।

কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ বাবে হােৱা এই তলাবন্ধৰ ফলত কর্মক্ষেত্র বাধাগ্রস্ত হৈছিল আৰু শ্ৰমিকসকলে কাম হেৰুৱাইছিল। বহু প্ৰব্ৰজনকাৰী শ্ৰমিকে গৃহ ৰাজ্যলৈকো উভতি গৈছিল আৰু এইসকলৰ মাজত যথেষ্টসংখ্যক মহিলা শ্রমিকো আছিল।

কেন্দ্রীয় পৰিসংখ্যা মন্ত্রণালয়ে প্রকাশ কৰা প্রতিবেদনত ভাৰতৰ মহিলা শ্রমিক কর্মক্ষেত্ৰত অংশগ্রহণৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। বিশ্ব বেংকৰ তথ্য অনুসৰি বিশ্বৰ কর্মক্ষেত্ৰত সর্বনিম্ন মহিলা শ্রমিকে অংশ লােৱা দেশৰ অন্যতম এখন হৈছে ভাৰত।

বিশ্ব বেংকে লগতে প্ৰকাশ কৰা মতে, এক-তৃতীয়াংশতকৈও কম সংখ্যক ১৫ বা ততােধিক বয়সৰ মহিলাই ভাৰতত কৰ্মৰত হৈ আহিছে অথবা কৰ্মৰ সন্ধান সক্রিয়ভাৱে কৰিছে। ২০০৫ত ভাৰতত মহিলা শ্রমিক কর্মক্ষেত্ৰত অংশগ্রহণৰ হাৰ ২৬ শতাংশৰ অধিক আছিল আৰু ২০১৯ত এই হাৰ ২০.৩ শতাংশলৈ হ্রাস পাইছিল।

বিশ্ব বেংকৰ পৰিসংখ্যাত লগতে প্রকাশ যে প্রতিবেশী বাংলাদেশত ৩০.৫ শতাংশ আৰু শ্ৰীলংকাত ৩৩.৭ শতাংশ মহিলা শ্রমিকে কর্মক্ষেত্ৰত সক্রিয়তাৰে অংশ লৈ আহিছে। ভাৰতত কর্মক্ষেত্রত নিয়ােজিত মহিলা শ্ৰমিকসকলৰ সৰহসংখ্যকে নিম্ন-দক্ষতাসম্পন্ন কর্মত জড়িত হৈ আহিছে।

এইসকল মহিলা শ্ৰমিকৰ সৰহসংখ্যকে বিভিন্ন পাম, কাৰখানাত শ্রমিক হিচাপে কাম কৰাৰ লগতে ঘৰুৱা সহায়ক হিচাপেও নিয়ােজিত হৈ আহিছে। এই আটাইকেইটা খণ্ড ক’ভিড কালত যথেষ্ট ক্ষতিগ্রস্ত হােৱাৰ ফলত ভাৰতত মহিলা শ্রমিক কর্মক্ষেত্ৰত অংশগ্রহণ হ্রাস পাইছে।

২০২০ৰ ছেপ্টেম্বৰত ভাৰতত পুৰুষ নিবনুৱাৰ হাৰ ১২.৬ শতাংশ হােৱাৰ বিপৰীতে মহিলা নিবনুৱাৰ হাৰ আছিল ১৫.৮ শতাংশ। এছিয়াৰ তৃতীয় সর্ববৃহৎ অর্থনীতি হিচাপে পৰিচিত ভাৰতত কর্মক্ষেত্ৰত মহিলা শ্ৰমিকৰ অংশগ্রহণ এইদৰে হ্রাস পােৱাটো এক উদ্বেগজনক বিষয় হিচাপে বিবেচিত হৈছে।

Exit mobile version