কৰ’নাৰ সংক্ৰমণৰ পাছতাে জুলাইত দেশত ব্যক্তিগত বাহন বিক্ৰীৰ অভিলেখ

62cf29c3 8ce0 4a3a bf57 05562a6cab60

দেশজুৰি কৰ’নাৰ ব্যাপক সংক্রমণ অব্যাহত থকাৰ পাছতাে যােৱা মাহত ভাৰতত ব্যক্তিগত গাড়ীৰ বিক্ৰী যথেষ্ট বৃদ্ধি পালে। জুলাইত মাৰুতি ছুজুকিয়ে মুঠ ১,৬২,৪৬২ খন গাড়ী বিক্ৰী কৰিলে।

ছিডান, হেচবেক, এছ ইউ ভি আৰু এম পি ভি শ্রেণীসহ অন্যান্য সকলাে শ্ৰেণীৰ গাড়ীৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে।ভাৰতৰ সর্বাধিক গাড়ী বিক্রেতা তিনিটা কোম্পানী ক্রমে মাৰুতি ছুজুকি, হােণ্ডাই মটছ আৰু টাটা মটছে জুলাইত মুঠ দুই লাখ ৪০ হেজাৰৰাে অধিক গাড়ী বিক্ৰী কৰিলে।

মাৰুতিৰ গাড়ী বিক্ৰীৰ ক্ষেত্ৰত যােৱা বছৰৰ জুলাইৰ তুলনাত ৫০ শতাংশ বিক্রী বৃদ্ধি পালে। মাতিয়ে যােৱা মাহত ১,৬২,৪৬২ খন গাড়ী বিক্ৰী কৰাৰ বিপৰীতে হােণ্ডাই মটছে ২৫ শতাংশ বিক্রী বৃদ্ধিৰে ৪৮,০৪২ খন গাড়ী জুলাইত বিক্ৰী কৰে।

আনহাতে, তৃতীয় স্থানত থকা টাটা মটছে যােৱা মাহত দেশত মুঠ ৩০,১৮৫ খন গাড়ী বিক্ৰী কৰে। কৰ’নাৰ সংক্ৰমণ আৰু তলাবন্ধৰ পাছতাে দেশত ব্যক্তিগত বাহনৰ বিক্ৰী বৃদ্ধি তাৎপর্যপূর্ণ বিবেচিত হৈছে।

Exit mobile version