ন আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব অসম কন্যা লাভলীনা বৰগোঁহাই 

lovlina

ন আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব অসম কন্যা লাভলীনা বৰগোঁহাই ।

ADVERTISEMENT

বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনাক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে।

ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনাক বিপুলভাৱে সম্বৰ্ধনা জনাব।

অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাইৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে।

নিজ বাসগৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনাব লাভলীনা বৰগোঁহাইক।

গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত জিলা উপাযুক্তৰ তত্বাৱধানত থাকিব লাভলীনা।

লাভলীনাক চৰকাৰে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু এপিএছ/এচিএছ পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।

Exit mobile version