বাগসাৰ বাৰাপেটা নেপালী বস্তিত নাৰী নিৰ্যাতনৰ ঘটনা

e89948bb 0233 4be9 b649 71f0930da51d

ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ স্বামীয়ে গুৰুলা গুৰুলকৈ মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে নৱ বিবাহিতা পত্নীক ৷পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ জালত পৰিছে লম্পট স্বামী৷

ঘটনাটো সংঘটিত হৈছে বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰাপেটা নেপালী বস্তিত৷ তথ্য অনুসৰি বাৰাপেটা নেপালী বস্তিৰ ভোজৰাজ দৰ্জী ওৰফে ৰাজু দৰ্জী নামৰ বিবাহিত যুৱক এজনে প্ৰায় পাঁচ মাহ পূৰ্বে প্ৰেমৰ সূত্ৰে পুনৰাই বিবাহ কৰাইছিল শোণিতপুৰ জিলাৰ ধলাবিলৰ তুলসী দৰ্জী নামৰ যুৱতীগৰাকীক৷

তাৰ পাছৰ পৰাই স্বামী ৰাজু দৰ্জীয়ে সদায় মদ্যপান কৰি ঘৰলৈ আহি যৌতুক বিচাৰি নিৰ্যাতন চলাই আহিছিল নৱবিবাহিতা পত্নীক৷ ঘটনা অনুসৰি তিনি আগষ্টৰ নিশাও স্বামী ভোজৰাজ ওৰফে ৰাজু দৰ্জীয়ে মদ্যপান কৰি আহি বাঁহৰ লাঠি,দা আদিৰে কোবাই বেয়াকৈ মাৰধৰ কৰে চাৰিমাহৰ অন্তঃসত্ত্বা পত্নী তুলসী দৰ্জীক৷

তাৰ পাছতে চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ উপস্থিত হৈ স্বামীৰ হাতৰ পৰা ৰক্ষা কৰে নৱবিবাহিতাগৰাকীক৷ নিশাটো স্থানীয় লোকৰ তাত আশ্ৰয় গ্ৰহণ কৰাৰ পাছত ৰাতিপুৱা ৰাইজৰ লগতে গাঁওবুঢ়াৰ সহযোগত লাৱদাংগুৰি আৰক্ষী চকীত স্বামীৰ অত্যাচাৰৰ বলি তুলসী দৰ্জীয়ে স্থানীয় লাৱদাংগুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷

এজাহাৰ দাখিলৰ পাছত আৰক্ষীয়ে স্থানীয় মহিলা সমিতিৰ সহযোগত পলাতক অৱস্থাত থকা ভোজৰাজ দৰ্জীক আটক কৰিবলৈ সক্ষম হয়৷

এই ঘটনাৰ পাছতে স্থানীয় মহিলা সমিতিয়ে একগোট হৈ পত্নী নিৰ্যাতনকাৰী স্বামীক শীঘ্ৰেই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷উল্লেখ্য যে স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ইয়াৰ পূৰ্বেও লম্পদ ভোজৰাজ দৰ্জীয়ে এগৰাকী-দুগৰাকী নহয়, ছয় গৰাকীকৈ যুৱতীক প্ৰেমৰ জালত পেলাই বিবাহ কৰাইছিল আৰু অনুৰূপ ঘটনা সংঘটিত কৰিয়ে পূৰ্বৰ ছয় গৰাকীকৈ পত্নীক ঘৰৰ পৰা খেদি পঠিয়াইছে বুলি জানিব পৰা গৈছে৷

Exit mobile version