দক্ষিণ চীন সাগৰত চীনৰ দপদপনি নিয়ন্ত্রণ কৰিবলৈ এইবাৰ সাজু হ’ল ভাৰত। পূব এছিয়াৰ দেশসমূহৰ স’তে নিজৰ প্ৰতিৰক্ষা সম্পর্ক বিস্তাৰ কৰাৰ লক্ষ্যৰে ভাৰতে চলিত মাহতে দক্ষিণ চীন সাগৰলৈ এক নৌসেনাৰ টাস্ক ফ’র্চ প্রেৰণ কৰিব।
ভাৰতীয় সেনাই পৰম্পৰাগতভাৱে চীনৰ বিৰােধিতা কৰাৰ পৰা আঁতৰি আহিছিল যদিও লাডাখ সংঘাতৰ পাছৰে পৰা ভাৰতে চীনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে।
আমেৰিকায়াে এই ক্ষেত্ৰত ভাৰতক মুকলিভাৱে সমর্থন দিছে। ভাৰতীয় নৌসেনাই এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, মুঠ চাৰিখন ৰণতৰী জাহাজ দুমাহৰ বাবে ভাৰতে দক্ষিণ-পূর্ব এছিয়া, দক্ষিণ চীন সাগৰ আৰু পশ্চিম প্রশান্ত অঞ্চলত নিয়ােগ কৰিব।
উল্লেখ্য যে দক্ষিণ চীন সাগৰত চীনে নিজৰ আধিপত্য দাবী কৰি আহিছে। সেয়েহে ভাৰতে দক্ষিণ চীন সাগৰলৈ চাৰিখনকৈ ৰণতৰী প্ৰেৰণ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে।