মূৰত ৰহস্যজনক বেণ্ডেজ : উত্তৰ কোৰিয়াৰ শাসক কীমৰ স্বাস্থ্যক লৈ পুনৰ উত্থাপিত হ’ল প্রশ্ন

61094ddfc31de7001849f2a3

উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনৰ স্বাস্থ্যক লৈ পুনৰ প্রশ্ন উত্থাপিত হৈছে। কীমৰ মূৰৰ পাছফালে থকা ক্ষুদ্র বেণ্ডেজক লৈ সৃষ্টি হৈছে গুঞ্জন। শেহতীয়াভাৱে উত্তৰ কোৰিয়াৰ শাসকজনে এইদৰে মূৰত বেণ্ডেজ লৈ বিভিন্ন কাম-কাজত অংশ লােৱাৰ ফটো প্রচাৰিত হৈছে।

কীমৰ মূৰত থকা বেণ্ডেজৰ প্রতি লক্ষ্য ৰাখি তেওঁ অসুস্থ বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে পূর্বতেও উত্তৰ কোৰিয়াৰ শাসকৰ স্বাস্থ্যক লৈ একাধিক বাতৰি প্ৰচাৰিত হৈছিল।

কীমৰ শৰীৰৰ ওজন হ্রাস পােৱা বুলিও বাতৰি প্ৰকাশ পাইছিল। যােৱা ২৪-২৭ জুলাইত কীমে সেনা বৈঠকত অংশ লৈছিল। সেই সময়ত উত্তৰ কোৰিয়াৰ শাসকজনৰ মূৰৰ পাছফালে এই বেণ্ডেজ প্রত্যক্ষ হৈছিল।

ইয়াৰ পাছত যােৱা ২৭-২৯ জুলাইৰ সময়ছােৱাত কীমৰ নতুন ফটো প্ৰচাৰিত হৈছিল আৰু এই ফটোত তেওঁৰ মূৰত বেণ্ডেজ নাছিল যদিও উক্ত স্থানত ক্ষতচিহ্ন স্পষ্ট হৈছিল।

ইয়াকে লৈ স্বাস্থ্যজনিত কাৰণত আকৌ এবাৰ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত চর্চিত হ’ল উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসকজন।

Exit mobile version