১১ বছৰতে পৰিগণিত হ’ল বিশ্বৰ অন্যতম মেধাৱী ছাত্ৰীত

আমেৰিকাত খবৰৰ শিৰোনামত এটি ভাৰতীয় বংশোদ্ভৱ শিশু

natasha perri

বিশ্বৰ সবাতোকৈ মেধাৱী শিক্ষাৰ্থীসকলৰ ভিতৰত স্থান লাভ কৰি আলোড়ন সৃষ্টি কৰিলে এটি ভাৰতীয় বংশোদ্ভৱ শিশুৱে । সম্প্ৰতি আমেৰিকাৰ প্ৰবাসী নাটাছা পেৰী নামৰ কন্যা শিশুটিৰ বয়স মাত্ৰ ১১ বছৰ । পঞ্চম শ্ৰেণীত অধ্যয়নৰতা নটাছাৰ মেধা শক্তি ইমানেই প্ৰৱল যে ১৪ বছৰৰ অষ্টম শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থীকো শিৰনত কৰিব পাৰে । সেইবাবেই এই কন্যা শিশুটিক পৃথিৱীৰ শ্ৰেষ্ঠ মেধাৱী শিক্ষাৰ্থীসকলৰ তালিকাত স্থানপ্ৰাপ্তসকলৰ মাজত সন্নিবিষ্ট কৰা হৈছে ।

আমেৰিকাৰ মহাবিদ্যালয় আৰু শিক্ষাপ্ৰতিষ্ঠানত ভৰ্তিৰ বাবে দুটা পৰীক্ষাৰ ফলাফল চোৱা হয় । এটা হৈছে ‘স্কলষ্টিক এছেছমেণ্ট টেষ্ট’ (এছ‌এটি) আৰু আনটো হৈছে ‘আমেৰিকান কলেজ টেষ্টিং’ (এছচিটি) । এই দুটা পৰীক্ষাৰ ফল আমেৰিকাৰ প্ৰতিষ্ঠানসমূহে বিশ্ববিদ্যালয়ক জমা দিব লাগে । সেই পৰীক্ষাতে সকলোকে অবাক কৰিব পৰা ফল লাভ কৰিলে নিউ জাৰ্ছীৰ থেলমা এল ছেণ্ডমেয়াৰ এলিমেণ্টৰী স্কুলৰ ছাত্ৰী নাটাছাই ।

পঞ্চম শ্ৰেণীৰ ছাত্ৰী হ’লেও নাটাছাই অষ্টম মানৰ পৰীক্ষাত লাভ কৰিছে ৯০ শতাংশ নম্বৰ । সমান্তৰালকৈ ‘জ’ন্স হ’পকিন্স চেণ্টাৰ ফৰ টেলেণ্টেড য়ুথ’ (চিটিৱাই)ৰ তৰফৰ পৰা সোমবাৰে নাটাছাক স্বীকৃতি প্ৰদান কৰা হয় । চেণ্টাৰৰ আওতাত থকা ‘চিটিৱাই’ এনে এক প্ৰকাৰৰ মূল্যায়ন, য’ত বিশ্বৰ ৮৪ খন দেশৰ প্ৰতিভাশালী শিশুসকলে প্ৰতিযোগিতামূলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । সেই ১৯ হেজাৰ শিক্ষাৰ্থীৰ ভিতৰত সবাতোকৈ মেধাৱীৰূপে উঠি আহিছে নাটাছাৰ নাম ।

নাটাছাই প্ৰাথমিক বাছনি পৰ্বত দৰ্শনীয় ফলাফল আগবঢ়োৱাত তেওঁ পোনপটীয়াকৈ ‘চিটিৱাই’ৰ ‘হাই অনাৰ্ছ এৱাৰ্ড’ বিভাগত পোনপটীয়াকৈ সুযোগ লাভ কৰিছে । সচৰাচৰ বিশ্বৰ বিভিন্ন দেশ আৰু আমেৰিকাৰ পৰা অসংখ্য শিক্ষাৰ্থীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । ইয়াৰ ভিতৰত মাত্ৰ ২০ শতাংশই উচ্চ পৰ্যায়ৰ মেধা বাছনিৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে ।

যিসকল এই চূড়ান্ত পৰ্যায়ৰ পৰীক্ষাত সাফল্য পায়, তেওঁলোকক এক গ্ৰীষ্মকালীন শিবিৰলৈ নিয়া হয় । তাত সমগ্ৰ আমেৰিকাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ স’তে বিশ্বৰ বিভিন্ন অংশত বিয়পি থকা মেধাৱীসকলে মত বিনিময় কৰাৰ সুবিধা পায় । এতিয়া এই শিবিৰলৈকে আগ্ৰহেৰে অপেক্ষা কৰি আছে নাটাছাই । এই সন্মানে তেওঁৰ জ্ঞান অৰ্জনৰ ক্ষুধা বহুলশে বৃদ্ধি কৰা বুলিও ১১ বছৰীয়া নাটাছাই কয় ।

Exit mobile version