কোকৰাঝাৰ জিলাৰ অধি বিদ্যা পৰিষদৰ সভা সম্পন্ন কোকৰাঝাৰত

WhatsApp Image 2021 08 07 at 5.25.03 PM

শিক্ষা বিভাগৰ কোকৰাঝাৰ জিলা অধি বিদ্যা পৰিষদৰ কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত আজি এখন সভা অনুষ্ঠিত হয় । বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা অধি বিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক প্ৰাণোনাথ বসুমাতাৰীয়ে ।

ADVERTISEMENT

উক্ত সভাত ছেবাই জাৰি কৰা নতুন নীতি নিৰ্দেশনাৰ ওপৰত আলোচনা কৰা হয় । ছেবাই জাৰি কৰা নীতি অনুসৰি, ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ মূল্যায়ন বহীসমূহ নিৰ্বাচিত বিদ্যালয়সমূহৰ মাজত জিলা পৰ্যায়ৰ পৰীক্ষা মূল্যায়ন কমিটিৰ সীদ্ধান্তমৰ্মে বিনিময় হ’ব । উক্ত পৰীক্ষাসমূহ ছেবাৰ নিৰ্দেশনামৰ্মে জিলা ভিত্তিক উমৈহতীয়াভাৱে অনুষ্ঠিত হ’ব ।

আজিৰ সভাতেই সদ্য অবসৰপ্ৰাপ্ত জিলা অধি বিদ্যা পৰিষদৰ সভাপতি দীপ্তি প্ৰশাদ ব্ৰহ্মক ফুলাম গামোচা, শৰাই, মানপত্রৰে বিদায় সম্ভাষণ জনাই দীৰ্ঘায়ু কামনা কৰে ।

Exit mobile version