চাৰিঙত ভেকচিন প্ৰদান কেন্দ্ৰত কদুৰ ত্ৰাস

ছজন চিকিৎসাকৰ্মী আহত

conservation efforts bee populations plant animal species

ক’ভিড-১৯ৰ সংক্ৰমন ৰোধৰ বাবে বিভিন্ন প্ৰান্তত ভেকচিন প্ৰদান কাৰ্যসূচী চিকিৎসা বিভাগৰ দ্বাৰা চলাই থকাৰ সময়তে আজি চাৰিঙত এক ভেকচিন প্ৰদান কেন্দ্ৰত আকস্মিকতে এজাক কদুৱে ত্ৰাসৰ সৃষ্টি কৰে ।

সূত্ৰ অনুসৰি, শিৱসাগৰ জিলাৰ চাৰিং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত ৪৫০ নং খনিকৰ প্ৰাথমিক বিদ্যালয়ৰ অস্থায়ী ভেকচিন প্ৰদান কেন্দ্ৰত সংঘটিত এই ঘটনাত কদুৰ আক্ৰমণত অতুল শইকীয়া, সংগীত গগৈ, ৰাজেন বৰগোঁহাই, ইস্পাকূৰ ৰহমান, নামৰ চাৰিজন চিকিৎসাকৰ্মী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে অনন্ত শইকীয়া আৰু জয় বৰা নামৰ আন দুজন চিকিৎসাকৰ্মীও সামান্য পৰিমাণে আহত হয় ।

ঘটনাৰ বিৱৰণী মতে, দীৰ্ঘদিন বিদ্যালয়খন ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকাত বিদ্যালয়ৰ ওপৰৰ চিলিঙৰ এটা চুকত এজাক কদুৱে প্ৰকাণ্ড বাহ সাজি বসবাস কৰি আছিল । আজি চিকিৎসা কৰ্মীসকলে ভেকচিন প্ৰদান প্ৰক্ৰিয়া চলাই থকা সময়ত কদুৰ বাহটোৰ পৰা এজাক কদু ওলাই আহি সংশ্লিষ্ট চিকিৎসা কৰ্মীসকলক আক্ৰমণ কৰাত হুৱা-দুৱা লাগে । অৱশ্যে প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত বহু কষ্টৰ মাজেৰে চিকিৎসা কৰ্মীসকলে ৰাইজক ভেকচিন দিয়া কাৰ্য সম্পন্ন কৰা পৰিলক্ষিত হয় ।

উৎকট গৰমৰ বাবে কেন্দ্ৰটোৰ বৈদ্যুতিক পাংখা চলাই দিয়াৰ পাছতে কদুৰ জাকতো বাহৰ পৰা ওলাই আহিছিল আৰু চিকিৎসা কৰ্মীসকলক উপৰ্যুপৰি আক্ৰমণ কৰে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাছত চিকিৎসা কৰ্মীসকলে বৈদ্যুতিক পাংখা বন্ধ কৰি প্ৰচণ্ড গৰমকো নেওচি দায়িত্ব সম্পন্ন কৰিবলগা হয় । ইফালে পৰৱৰ্তী ভেকচিন প্ৰদান প্ৰক্ৰিয়া উক্ত কেন্দ্ৰত সম্পন্ন কৰিবৰ বাবে কদুৰ বাহটোক লৈ বিপাঙত পৰিছে চিকিৎসা কৰ্মীসকল ।

Exit mobile version