বাতিল হ’ব পাৰে এক লাখ গ্রীণ কার্ড, আমেৰিকাত বিপদত ভাৰতীয়

photo

আমেৰিকাত বাতিল কৰা হ’ব পাৰে প্রায় এক লাখ চাকৰিভিত্তিক গ্রীণ কার্ড। আগন্তুক দুমাহৰ ভিতৰত এইসমূহ গ্রীণ কার্ড স্থায়ীভাৱে বাতিল হ’ব পাৰে। কৰ’না পৰিস্থিতিত এনে সিদ্ধান্ত ল’বলৈ মার্কিন প্রশাসন বাধ্য হৈছে।

এক লাখ গ্রীণ কার্ড আমেৰিকাত বাতিল হলে দেশখনত কৰ্মৰত ভাৰতীয়সকল বিপদত পৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে গ্রীণ কার্ড হ’ল আমেৰিকাৰ স্থায়ী বাসিন্দা হােৱাৰ প্রমাণপত্র।

প্রতি বছৰে সাধাৰণতে ১.৪ লাখ গ্রীণ কার্ড দেশখনত প্রদান কৰা হয়। কিন্তু এইবাৰ এই কোটা দুই লাখ ৬১ হেজাৰ ৫০০ লৈ বৃদ্ধি কৰা হৈছে। যদিহে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলাে ভিছা জাৰি কৰা নহয়, তেন্তে আইনৰ মেৰপেছত এইসমূহ গ্রীণ কার্ড বাতিল হােৱাৰ শংকা আছে।

ইতিমধ্যে ১২৫ জন ভাৰতীয় আৰু চীনা প্রযুক্তি কর্মীয়ে মার্কিন আদালতৰ দ্বাৰস্থ হৈছে। কৰ’না পৰিস্থিতিৰ ফলত মার্কিন ভিছা প্রদান প্রক্রিয়াও প্ৰভাৱিত হৈছে আৰু ইয়াৰ ফলতে গ্রীণ কার্ড ক্ষেত্ৰতাে সমস্যাৰ উদ্ভৱ হ’ল।

Exit mobile version