পাঠশালাৰ মাজমজিয়াত ভয়ংকৰ ঘটনা

আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ ড০ ৰণজিৎ ডেকাৰ বাসভৱনত দুৰ্বত্তৰ পেট্রোল বোমা নিক্ষেপ, আৰক্ষীৰ তদন্ত আৰম্ভ

বজালী জিলাৰ প্ৰাণকেন্দ্ৰ পাঠশালাত যোৱা নিশা সংঘটিত হʼল এক ভয়ংকৰ ঘটনা । আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ তথা স্বত্বাধিকাৰী ড০ ৰণজিৎ ডেকাৰ বাসগৃহলৈ লক্ষ্য কৰি যোৱা নিশা কোনো দুৰ্বৃত্তই কেৰাচিন বোমা নিক্ষেপ কৰা ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

যোৱা নিশা প্ৰায় ন বজাত ডেকাৰ বাসগৃহৰ চৌহদৰ বেৰৰ ওপৰেৰে প্ৰথম মহলালৈ কোনো দুৰ্বৃত্তই কেৰাচিন বোমাটো নিক্ষেপ কৰে । লগে লগে বাসগৃহৰ প্ৰথম মহলাত বিস্ফোৰণৰ তীব্ৰ শব্দ হোৱাৰ লগতে এখন খিৰিকীৰ গ্লাচ ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ উপৰিও কোঠালীটো জুইয়ে আৱৰি ধৰে । প্ৰথম অৱস্থাত ড০ ডেকাৰ পত্নী নন্দিনী তালুকদাৰৰ লগতে বাসগৃহত সেইসময়ত উপস্থিত থকা আত্মীয়স্বজনে চৰ্ট চাৰ্কিতৰ ফলতে জুইৰ সূত্ৰপাত হোৱা বুলি ধাৰণা কৰিছিল যদিও পিছত মজিয়াত কাচ আৰু কেৰাচিন তেলৰ অৱস্থিতি প্ৰত্যক্ষ কৰি পাঠশালা আৰক্ষীক খবৰ দিয়ে ।

ঘটনাস্থলীত পাঠশালা আৰক্ষীৰ লগতে বজালী আৰক্ষী অধীক্ষক উপস্থিত সেইয়া কেৰাচিন বোমা আক্ৰমণ বুলি নিশ্চিত হয় । উল্লেখ্য যে বোমা আক্ৰমণৰ সময়ত ড০ ডেকা ঘৰত উপস্থিত নাছিল যদিও সেই সময়ত তেওঁৰ পত্নী, পুত্ৰ আৰু কন্যা সন্তান উপস্থিত আছিল । ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৩০ মিনিট সময় পিছতেই ড০ ৰণজিৎ ডেকাৰ পত্নীলৈ এটা অচিনাকী নম্বৰেৰে ফোন কৰি ভাবুকি প্ৰদান কৰে দুৰ্বৃত্তই । দুৰ্বৃত্তই ফোনত হিন্দী ভাষাৰে কথা কৈ বিস্ফোৰণ কেনেকুৱা লাগিল আৰু পুনৰ ইয়াতকৈ ডাঙৰ বিস্ফোৰণ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে দুৰ্বৃত্তৰ দাবী মানি লʼবলৈ নিৰ্দেশ দিয়ে ।

ডেকাৰ আত্মীয় এগৰাকীয়ে দাবী কি বুলি প্ৰশ্ন কৰাত দুৰ্বৃত্তই পুনৰ ফোনযোগে জনাব বুলি কৈ সংযোগ বিচ্ছিন্ন কৰে । ইতিমধ্যে আৰক্ষীয়ে ড০ ডেকাৰ বাসগৃহৰ চিচি টিভিৰ ভিডিঅ’ সংগ্ৰহ কৰাৰ লগতে অচিনাকী নম্বৰ সম্পৰ্কে ব্যাপক তদন্ত আৰাম্ভ কৰিছে ।

উল্লেখ্য যে আনন্দৰাম বৰুৱা একাডেমী অধ্যক্ষ ড০ ৰণজিৎ ডেকা বিগত নিৰ্বাচনৰ ভৱানীপুৰ সমষ্টিৰ মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কি উদ্দেশ্য আগত ৰাখি দুৰ্বৃত্ত‌ই এনেধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ইয়াক লৈ এতিয়া সমগ্ৰ বজালী জিলাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে দুৰ্বৃত্তক বিচাৰি আৰক্ষীয়ে উচিত শাস্তি প্ৰদান কৰাৰ উপৰিও ড০ ডেকা তথা ডেকাৰ পৰিয়ালৰ বৰ্গৰ নিশ্চিত নিৰাপত্তা প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰী, অগপ ভৱানীপুৰ বিধান পৰিষদৰ সম্পাদক শৰৎ ডেকা আদিয়ে ।

Exit mobile version