এলআইচিয়ে বজাৰলৈ আনিব বিশেষ ক্ৰেডিট কাৰ্ড

liccard 1 0

খুব শীঘ্ৰেই বজাৰলৈ আহি আছে এলআইচিৰ ক্রেডিট কার্ড। এলআইচি কার্ড সেৱা আৰু আইডিবিআই বেংকৰ যৌথ উদ্যোগত ভাৰতীয় জীৱন বীমা নিগমে অচিৰেই বজাৰত মুকলি কৰিবলৈ ওলাইছে দুখনকৈ নতুন ৰূপে ক্রেডিট কার্ড।

সেই ক্রেডিট কার্ড দুখনৰ নাম হৈছে ক্রমে চিএছএল, ইচিএলএটি ক্রেডিট কার্ড আৰু লুমিনী প্লেটিনাম ক্রেডিট কার্ড। মূলতঃ ভাৰতীয় জীৱন বীমা নিগমৰ বীমাৰ এজেন্ট, বীমাৰ উপভােক্তা আৰু সংস্থাটোৰ বিভিন্ন কর্মচাৰীৰ বাবে এই কার্ড প্রাথমিকভাৱে বজাৰত মুকলি কৰা হ’ব বুলি জনাইছে সংস্থাটোৱ।

ক্রেডিট কার্ড ব্যৱহাৰকাৰীসকলৰ বাবে এলআইচিয়ে বিভিন্ন ধৰণৰ সুবিধাও আগবঢ়াইছে। এই উভয় কাৰ্ডৰে ক্রেডিট লিমিট একোটা মধ্যবিত্ত পৰিয়ালৰ জীৱন যাপনৰ বাবে যথেষ্ট হ’ব। সমান্তৰালভাৱে ক্রেডিট কার্ডৰ তৰফৰ পৰা নানা ধৰণৰ অফাৰাে আগবঢ়োৱা হৈছে।

যেনে ক্রেডিট কার্ডৰ মাধ্যমেৰে ১০০ টকা পৰিশােধ কৰিলে লুমিনি কাৰ্ডৰ উপভােক্তাই পাব তিনিটাকৈ ডিলাইট পইণ্ট। আনহাতে, ইচিএলএটি কাৰ্ডৰ উপভােক্তাই পাব ১০০ টকা পৰিশােধৰ ক্ষেত্ৰত চাৰিটাকৈ ডিলাইট পইণ্ট।

ক্রেডিট কাৰ্ডৰ মাধ্যমেৰে যদি কোনাে গ্রাহকে এলআইচিৰ প্রিমিয়াম পৰিশােধ কৰে তেন্তে তেওঁ কাৰ্ডৰ দুগুণ ৰিৱার্ড পইন্ট পাব পাৰিব। আনহাতে, খৰচৰ পৰিমাণৰ লগত সামঞ্জস্য ৰাখি এলআইচিয়ে এই কার্ড উপভােক্তাসকলক ডিলাইট পইণ্ট প্রদান কৰিব।

যেনে লুমিনী কাৰ্ডৰ জৰিয়তে ১০ হেজাৰ টকাৰ ওপৰত খৰচ কৰিলে এই ধৰণৰ উপভােক্তাই এহেজাৰ বােনাচ ডিলাইট পইন্ট লাভ কৰিব। একে ধৰণে ইচিএলএটি কাৰ্ডৰ উপভােক্তাই ১০ হেজাৰ টকাৰ খৰচৰ ওপৰত ১৫০০ বােনাচ ডিলাইট পইণ্ট লাভ কৰিব।

লগতে থাকিব ইএমআই সেৱাৰ সুবিধাও। ক্রেডিট কার্ডৰ ওপৰত নিৰ্ধাৰিত যি ঋণ সেয়াও খুব সহজতে ইএমআইৰ যােগেদি পৰিশােধ কৰিব পাৰিব উপভােক্তাসকলে। তিনিমাহ, ছমাহ, নমাহ আৰু ১২ মাহৰ নির্দিষ্ট কিস্তিত উক্ত ইএমআই পৰিশােধ কৰিব পৰা যাব।

Exit mobile version