জনীয়াৰ আনন্দ ৰাম দাসে জুৱা খেলিবলৈ দিছে ঘৰ ভাড়া, কৰায়ত্ত ৩০ জুৱাৰী

বৰপেটা সদৰ আৰক্ষীৰ বৃহৎ সফলতা । ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত আজি বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত বৰপেটা সদৰ আৰক্ষীয়ে জনীয়া বজাৰৰ মাজ-মজিয়াত অনবৰত চলি থকা জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় ।

বৰপেটা আৰক্ষীয়ে নগদ ধন, জুৱা খেলৰ সামগ্ৰী, ম’বাইলসহ প্ৰায় ৩০ জন জুৱাৰীক আটক কৰি আৰক্ষী থানালৈ লৈ যায় । ইপিনে জনীয়াৰ আনন্দ ৰাম দাসে অধিক ধনৰ লোভত জুৱা খেলৰ দৰে অসামাজিক কাম কৰিবলৈ ঘৰ ভাড়া দিয়াৰ বাবে দাসৰ বিৰুদ্ধে জনীয়াত নেতিবাচক চৰ্চা চলি থকা পৰিলক্ষিত হৈছে । বৰপেটা সদৰ আৰক্ষীৰ এনে পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে ঘৰৰ মালিককো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে।

Exit mobile version