ফেণ্টাৰে অমলেট ! চাওক ভাইৰেল ভিডিঅ’

pjimage 15 1628389317

অমলেটটো বহুত খাইছে; কিন্তু কেতিয়াবা ‘ফেণ্টা ফ্ৰাই’ টেষ্ট কৰিছে নে ? ফেণ্টা ফ্ৰাই অৱশ্যে ফেণ্টাৰে বনোৱা অমলেটৰ প্ৰচলিত নাম ।

সম্প্ৰতি এটা ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত । ছুৰাটৰ এখন দোকানত বনোৱা হৈছে এই ‘ফেণ্টা অমলেট’ । এজন ফুড ব্লগাৰে এই অদ্ভুত অমলেট ৰেচিপিটো ভিডিঅ’ কৰিছে ।

অমলেটৰ স’তে যদি ফেণ্টা মিশ্ৰিত কৰি দিয়া হয়, তেন্তে তাৰ স্বাদ কি হ’ব কল্পনা কৰক । এই অমলেটৰ বেছ চাহিদা ছুৰাটত । কিন্তু এই অমলেট কিমান স্বাস্থ্যসন্মত তাক লৈ প্ৰশ্ন উত্থাপন হয় । দোকানীজনে এই অমলেটটোৰ নাম দিছে ‘ফেণ্টা ফ্ৰাই’ । মূল্য মাত্ৰ ২৫০ টকা । কেৱল ফেণ্টা ফ্ৰায়েই নহয় গ্ৰাহকৰ চাহিদা অনুযায়ী, থামছ‌আপ ফ্ৰাই, লিমকা ফ্ৰায়ো বনোৱা হয় বুলি দাবী কৰে দোকানৰ স্বত্বাধিকাৰীয়ে ।

https://twitter.com/Agabaai/status/1422892132369506312?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1422892132369506312%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fwould-you-like-to-taste-fanta-fry-video-viral-dgtlv%2Fcid%2F1297307

কি কি থাকে ?
প্ৰথমে তিনিটা কণী ভাজি পৃথককৈ থোৱা হয় । তাৰ পাছত বিভিন্ন মচলাৰে গ্ৰেভী তৈয়াৰ কৰা হয় । গ্ৰেভীখিনিত ফেণ্টা দি অমলেটৰ ওপৰত দি দিয়া হয় ।

Exit mobile version