তিনিচুকীয়াত মটক যুৱ-ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট

মটক জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্তিকৰণেৰে সাংবিধানিক মৰ্যদা প্ৰদান কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, মটক জনগোষ্ঠীৰ বিশেষ উন্নয়নৰ শিতানত ঘোষণা কৰা ১২৫ কোটিৰ আৰ্থিক পেকেজ মোকলাই দিয়াৰ দাবীত আজি সদৌ অসম মটক যুৱ ছাত্ৰ-সন্মিলনৰ আহ্বানত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

ADVERTISEMENT

লগতে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰা বানপানী, গড়াখহনীয়া আৰু নিৱনুৱা সমস্যাৰ স্থায়ী সমাধান কৰিবলৈও দাবী কৰে ।

Exit mobile version