সংবাদমেল মাধ্যমেৰে কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ কাৰ্বি ছাত্র সন্থাৰ

WhatsApp Image 2021 08 09 at 7.50.57 PM

অসম-মেঘালয়ৰ মাজত চলি থকা সীমা বিবাদৰ সংঘাতৰ মাজতে আজি সংবাদমেল অনুষ্ঠিত কৰি কাৰ্বি আংলঙৰ এক অংশ অথবা এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ প্ৰদান কৰে কাৰ্বি ছাত্র সন্থাই। উল্লেখযোগ্য যে কাৰ্বি ছাত্ৰ সন্থাৰ থাংছিং তিমুং গোটৰ হামৰেণ ৰিজিনেল কমিটিৰ উদ্যোগত খেৰণিস্থিত কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত হয় এখন সংবাদমেল।

অসম-মেঘালয় চৰকাৰে আলোচনাৰ মাজেৰে গ্ৰহণ কৰিব বিচৰা “দিয়া আৰু লোৱা নীতিক” কোনো প্ৰকাৰে মানি নলয় আৰু সমৰ্থন নকৰে বুলি সংবাদমেলত উল্লেখ কৰে হামৰেণ ৰিজিনেল সমিতিৰ সভাপতি বাবুল টকবিয়ে। প্ৰয়োজন অনুসৰি কাৰ্বি ছাত্ৰ সন্থাই জংগী আন্দোল গঢ়ি তোলা অথবা প্রদিবাদ সাব্যস্ত কৰাৰ বাবে সদায় সাজু আছে বুলি অসম চৰকাৰৰ লগতে কাৰ্বি পৰিষদৰ চৰকাৰক হুংকাৰ দিয়ে।

সমান্তৰালকৈ গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় লোকেও এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি প্ৰকাশ কৰে টকবিয়ে। শেহতীয়াকৈ “দিয়া আৰু লোৱা নীতি”ৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত বাবুল টকবিয়ে কাৰ্বি আংলঙৰ ২১ খন গাওঁ অন্তৰ্ভুক্ত হৈ থকা ব্লক এক আৰু ব্লক দুইৰ ভূমি মেঘালয়ৰ হাতত গতাই দি মেঘালয়ৰ অধীনত থকা গুহাটীৰ খানাপাৰা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল অসমৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি লোৱাৰ বাবে দুয়োখন ৰাজ্যই এক কৌশলগত অভিসন্ধি ৰচনা কৰাৰ খৱৰ আৰু কিছু তথ্য লাভ কৰিছে বুলি প্ৰকাশ কৰে সভাপতিগৰাকীয়ে।

উল্লেখ্য যে ইপিনে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত অসমৰ ভুমিত মেঘালয়ৰ আগ্ৰাসন আৰু সংঘাত আজিও অব্যাহত আছে। আনকি ভয়-শংকাৰে দিন আৰু নিশা পাৰ কৰিবলগীয়া হৈছে সীমান্তবাসী ৰাইজে। জিলাখনৰ অসম-মেঘালয় সীমান্তৰ দুৰ্গম চাবুদা অঞ্চলত যোৱা শনিবাৰে মেঘালয়ৰ একাংশ দল সংগঠন আৰু আৰক্ষীয়ে বলপুৰ্বক অসমৰ ভুমিত প্ৰবেশ কৰিব বিচৰাক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ সৈতে বাক-বিতন্ডাত লিপ্ত হোৱাৰ লগতে অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

সীমান্তৰ কাৰ্বি ভূমিত থকা চাবুদা অঞ্চলৰ জাতালুং নামৰ গাঁওখনত যোৱা শনিবাৰে পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত অসম আৰক্ষী আৰু সীমান্তৱৰ্তী মেঘালয়ৰ ৰিভয় জিলাৰ আৰক্ষীৰ মাজত অনুষ্ঠিত হ’বলগীয়া এক সৌহাৰ্দ্যমূলক আলোচনাৰ বাবে অসম আৰক্ষী ৰৈ থকা অৱস্থাত মেঘালয়ৰ ৰিভয় জিলাৰ পৰা খাচী ছাত্ৰ সন্থা আৰু ৰিভয় জিলা ইয়ুথ ফেডাৰেশ্যনৰ প্ৰায় দুই শতাধিক সদস্যই জাতালুং নামৰ গাঁওখনত প্ৰবেশ কৰি সীমান্তৰ পৰা কাৰ্বি ভুমিৰ কেইবা কিলোমিটাৰ ভিতৰত থকা উমাত নামৰ গাঁওখনত প্ৰৱেশ কৰিব বিচাৰে ৷

কিন্তু তাত ৰৈ থকা অসম আৰক্ষীয়ে দলটোক প্ৰবেশ কৰাত বাধা প্ৰদান কৰাক লৈ দুয়ো পক্ষৰ মাজত বাক বিতন্ডা হোৱাৰ লগতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । কিছু সময়ৰ পিছত ঘটনাস্থলীত আহি উপস্থিত হয় মেঘালয় আৰক্ষীৰ এটা দল আৰু আৰক্ষীৰ দলটোৱেও দল সংগঠনৰ প্ৰতিনিধি সকলক উমাত নামৰ গাওখনত প্ৰবেশ কৰিব নিদিয়াক লৈ অসম আৰক্ষীৰ দলটোৰ সৈতে সংঘাতত লিপ্ত হয়।শেষত বলিন দেউৰীয়ে দলটোক উমাতৰ শ্মশানলৈ যাবলৈ দি পৰিস্থিতি নিয়ন্ত্ৰনত আনিবলৈ সক্ষম হয়।

Exit mobile version