নিজৰ পদক নিলাম কৰি অন্য এথলিটসকলক সহায় কৰিব বিচাৰে এই অলিম্পিয়ানে

krystsina tsimanouskaya

প্ৰশিক্ষকৰ বিৰুদ্ধে কথা কোৱাৰ বাবেই তেওঁক টকিঅ’ অলিম্পিকত খেলিবলৈ দিয়া হোৱা নাছিল । অলিম্পিকত খেলাৰ স্বপ্ন ভাঙি পৰিছিল দৌৰবিদ ক্ৰিছছিনা ছিমানৌস্কায়াৰ । তেওঁৰ দৰে কৰ্তৃপক্ষৰ ৰোষত পৰা অন্য এথলিটসকলক সহায় কৰিব বিচাৰে তেওঁ । সেয়ে তেওঁ তেওঁৰ পদক নিলাম কৰিব ।

২০১৯ত ইউৰোপীয়ান গেমছত পদক অৰ্জন কৰিছিল ছিমানৌস্কায়াৰে । সেই পদক নিলাম কৰিব বিচাৰিছে তেওঁ । ২৪ বছৰীয়া ছিমানৌস্কায়াৰক এক আগষ্টত তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে বিমানবন্দৰলৈ লৈ যায় বেলৰুছ দলে । পিছদিনাখন দুশ মিটাৰ দৌৰত প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল ছিমানৌস্কায়াৰৰ । তেওঁ ঘৰলৈ উভতিব নিবিচাৰে । সম্প্ৰতি পোলেণ্ডত শৰণাৰ্থী হৈ আছে এথলিটগৰাকী । তেওঁৰ ভয় দেশলৈ উভতি গ’লে তেওঁক আক্ৰমণ কৰিব পাৰে ।

এক সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত ছিমানৌস্কায়াৰে কয়, ‘প্ৰশিক্ষকসকলে ভালকৈ অনুশীলন কৰোৱা নাছিল । সেই বিষয়ে সকলোৰে আগত কোৱাৰ বাবেই মোৰ ওপৰত আক্ৰমণ হৈছে ।’

ছিমানৌস্কায়াৰ অভিযোগ, তেওঁক নজনোৱাকৈয়ে তেওঁক চাৰিশ মিটাৰ ৰিলে দলত সন্নিবিষ্ট কৰা হৈছে । বেলাৰুছৰ এগৰাকী এথলিট বাদ পৰে কৰ্তৃপক্ষৰ ভুলৰ বাবে । সেয়ে ছিমানৌস্কায়াক সন্নিবিষ্ট কৰা হয় ।

বেলাৰুছৰ এক সংস্থাই ছিমানৌস্কায়াৰ পদক নিলাম কৰিছে । কৰ্তৃপক্ষৰ বাবে বাদ পৰা খেলুৱৈসকলক সহায় কৰে এই সংস্থাই । সোমবাৰেলৈকে পদকৰ মূল্য আছিল ৫২০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় তিনি লাখ ৮৭ হেজাৰ) ।

ছিমানৌস্কায়াৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহু এথলিটে কৰ্তৃপক্ষৰ ৰোষৰ বলি হৈছে । প্ৰতিবাদ কৰিলে তেওঁলোকে কাৰাগাৰতো যাব লগা হয় । ছিমানৌস্কায়াৰ যি পদক নিলামত দিয়া হৈছে, সেই সম্বন্ধে তেওঁ কয়, ‘বেলাৰুছৰ ৰাজধানী মিনস্কত এই পদক জয় কৰিছিলো । মোৰ পৰিয়ালৰ উপস্থিতিত আছিল এই জয় । নিজৰ দেশৰ মাটিত । মোৰ বাবে এইটো পদক অতি তাৎপৰ্যপূৰ্ণ ।’

Exit mobile version