যুৱ সমাজৰ বাবে সুবৰ্ণ সুযোগ, এবাৰ ভেকচিন ল’লেই পাব এপলৰ এয়াৰপড

merlin 180701292 35cadd3f fe69 49f8 bac9 e30f7d58e8a1 articleLarge

যদি আপুনি ৱাশ্বিংটন ডি.চিৰ বাসিন্দা আৰু এই পৰ্যন্ত কৰ’না টিকা গ্ৰহণ কৰা নাই, তেতিয়াহলে এইটো সঠিক সময়। কাৰণ ৱাশ্বিংটন প্ৰশাসনে টিকাকৰণৰ বিষয়ে যুৱ সমাজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে নতুন পদক্ষেপ লৈছে। টিকাৰ প্ৰথম পালি ললেই উপহাৰ পাব এপলৰ এয়াৰপড ।

ৱাশ্বিংটন প্ৰশাসনৰ এই অভিনৱ পদক্ষেপৰ বিষয়ে অৱগত কৰিলে মেয়ৰ মুৰিয়েল বাউচাৰে । তেওঁ কয় যে এপলৰ এয়াৰপড পোৱাৰ উপৰিও, প্ৰথম পালি প্ৰাপ্তকৰ্তাই ভাগ্য ভাল হ’লে ২৫হেজাৰ ডলাৰ বৃত্তিও লাভ কৰিব পাৰে।

ইয়াৰ উপৰিও, আইপেড হৈছে এক উপহাৰ। কিন্তু এইটো প্ৰথম বাৰৰ বাবে নহয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে টিকাকৰণৰ বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ এনে লাভজনক উপহাৰ প্ৰদান কৰিছে।

চাৰি জুলাইত আছিল আমেৰিকাৰ স্বাধীনতা দিৱস। সেই দিনটোত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে দেশৰ ৭০ শতাংশ প্ৰাপ্তবয়স্কক কমেও এটা পালি কৰ’না টিকাকৰণ দিয়াৰ লক্ষ্য ৰাখিছিল আৰু সেই লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে, প্ৰশাসনে প্ৰাপ্তবয়স্কসকলৰ বাবেও এনে লাভদায়ম পদক্ষেপ লয়।

টিকাকৰণ কৰোঁতে প্ৰাপ্তবয়স্কসকলক বিনামূলীয়াকৈ বিয়েৰৰ বটল এটা দিয়া হয়। কৰ’না ভেকছিন ল’বলৈ সাধাৰণ ৰাইজৰ অনিচ্ছা আঁতৰাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাটাও প্ৰস্তাৱ আৰম্ভ কৰিছিল।

Exit mobile version