সৌন্দৰ্য্য চৰ্চাত কলগেটৰ বিভিন্ন উপকাৰিতা

promo 2f81b3769b6c4833a7bf7cc992e484d5

★ মুখৰ ক’লা দাগ আঁতৰাবলৈ

আধা চামুচ কলগেটত দুই তিনি টুপাল নেমুৰ ৰস দি ভালকৈ মিহলাই ল’ব। এতিয়া মিশ্রণটো মুখত লগাই শুকাব দিব আৰু ঠাণ্ডা পানীৰে ধুই দিব। ঠাণ্ডা দিনত ব্যৱহাৰ কৰোঁতে নেমুৰ ৰসৰ পৰিৱৰ্তে ভেচলিন দিব পাৰে। এনেকৈ দুই সপ্তাহ লগালে ভাল ফল পাব।

★ মুখৰ ছাল বগা আৰু উজ্জ্বল কৰিবলৈ

এক চামুচ আলুৰ ৰস আৰু এক চামুচ কলগেট ভালকৈ মিহলাই লওক।তাৰ পাছত মিশ্রণটো মুখত লগাই শুকাব দিয়ক। শুকালে ঠাণ্ডা পানীৰে ধুই দিয়ক।এই মিশ্রণ লগালে মুখৰ ছাল বগা আৰু উজ্জ্বল হয়।

 

★ শালমণ আঁতৰাবলৈ কলগেটৰ ব্যৱহাৰ

আন্দাজমতে কলগেট লৈ শালমণ হোৱা ঠাইত প্ৰলেপ দি লগাই ৰাখিব আধা ঘন্টা। আধা ঘণ্টাৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই দিব।এনে কৰিলে শালমইনাৰ পৰা হাত সাৰিব পাৰিব।

★ মুখত পৰা বয়সৰ ছাপ

মুখত অথবা কপালৰ ছালত বয়সৰ লাইন পৰিলে ৰাতি শোৱাৰ আগত সেই ঠাইত কলগেট লগাই শুই ৰাতিপুৱা ধুই দিব লাগে ।

 

★ মুখত থকা নোম আঁতৰাবলৈ

এটা বাটিত এক চামুচ কলগেট,আধা চামুচ নেমুৰ ৰস, আৰু এক চামুচ চেনী ভালকৈ মিহলাই লৈ মিশ্রণটো মুখত লাহে লাহে ছালত দুখ নোপোৱাকৈ মালিচ কৰিব। মুখত ক’লা তিলৰ দৰে হোৱা ব্লেকহেড উঠাবলৈ ও এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰিব। মাত্ৰ ওপৰৰ মিশ্রণটোৰ লগত এক চামুচ আলুৰ ৰস মিহলাই লব। মুখ চাফা হয় আৰু মুখৰ পৰা মৰা ছাল গুচাই ছাল নিমজ কৰে।

 

★ তেলেটীয়া ছালৰ বাবে কলগেটৰ ব্যৱহাৰ

অত্যাধিক তেলেটীয়া ছালৰ পৰা পৰিত্ৰাণ পাবলৈ এম চামুচ কলগেটত আধা চামুচ নিমখ মিহলাই ফেচৱাছ হিচাপে ব্যৱহাৰ কৰক, মুখৰ পৰা অতিৰিক্ত তেল নাইকিয়া হ’ব ।

Exit mobile version