সৰু পুত্ৰৰ নাম প্ৰকাশ, টাইমুৰৰ ভাতৃৰ নাম জাহাংগীৰ আলি খান

1626337786 kareena kapoor khan with jeh

কৰিনা কাপুৰে প্ৰকাশ কৰিলে তেওঁৰ দ্বিতীয় সন্তানৰ নাম । টাইমুৰৰ ভায়েকৰ নাম ৰাখিছে জাহাংগীৰ। কৰিনা কাপুৰ খানে সোমবাৰে তেওঁৰ ‘দ্বিতীয় সন্তান’ৰ সকলোৰে সন্মুখলৈ আনিছিল।

অভিনেত্ৰীগৰাকীয়ে অন্তঃসত্বাৰ সময়ত এখন কিতাপো লিখিছিল । প্ৰেগনেন্সি বাইবেল অফ কৰিনা কাপোৰ খান । সেই কিতাপখনৰ একে বাৰে শেষত বেব’য়ে তেওঁৰ দ্বিতীয় সন্তানৰ নাম জনাইছিল ।

চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত টাইমুৰৰ সৰু ভাতৃয়ে জন্মগ্ৰহণ কৰে। কিন্তু কৰিনাই তেওঁলোকৰ সৰু পুত্ৰৰ নাম আৰু ফটো সামাজিক মাধ্যমত দিয়া নাছিল। তেওঁলোকৰ প্ৰথম সন্তান টাইমুৰৰ নামকৰণক লৈ সমগ্ৰ দেশতে বিতৰ্ক হৈছে।

বিষয়টোক লৈ ইমান হুলস্থূল হৈছিল যে ছেইফ আলী খানে তেওঁৰ প্ৰথম সন্তানৰ নাম সলনি কৰিবলৈ সন্মত হৈছিল। কিন্তু কৰিনাৰ জেদত টাইমুৰৰ নাম অপৰিৱৰ্তিত ৰখা হৈছিল। গতিকে টাইমুৰৰ ভায়েকৰ কি নাম ৰখা হৈছে তাক লৈ সকলো আগ্ৰহী আছিল।

কেইমাহমান আগতে এইটো প্ৰকাশ পাইছিল যে অভিনেতা দম্পতীহালে তেওঁলোকৰ দ্বিতীয় সন্তানৰ নাম ‘জেহ’ ৰাখিছে। টাইমুৰৰ নামেৰে নামাকৰণ কৰা নতুন ইনষ্টাগ্ৰাম হেণ্ডেলত এখন ফটো প’ষ্ট কৰি বাতৰিটো অনুৰাগীসকললৈ অনা হৈছিল।

সোমবাৰে কৰিনাৰ প্ৰেগনেন্সি বাইবেল কিতাপখনত তেওঁৰ পুত্ৰৰ নাম আৰু ছবি পোহৰলৈ আহিছিল। ফাটোখনত কৰিনাই তেওঁৰ সৰু পুত্ৰৰ কপালত চুমা খাই আছে আৰু জনালে, তেওঁলোকৰ দ্বিতীয় সন্তানৰ নাম ৰাখিলে জাহাংগীৰ আলী খান ।

Exit mobile version