অন্ধ্ৰপ্ৰদেশৰ নন্দীয়ালত স্থানীয় টেলিভিছন চেনেল ইভি৫-ৰ সাংবাদিক চেন্নাকেছাভালুৰ নৃশংস হত্যাকাণ্ডক ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়ন (আইজেইউ)এ ইয়াৰ সহযোগী অন্ধ্ৰপ্ৰদেশ মিডিয়া ফেডাৰেচনৰ স’তে যৌথভাৱে গৰিহণা দিছে । অভিযোগ অনুসৰি, দেওবাৰে নিশা এক নিলম্বিত আৰক্ষী কনিষ্টবল আৰু তেওঁৰ ভাতৃয়ে সাংবাদিকজনক হত্যা কৰে । ইউনিয়নদ্বয়ে তাৎক্ষণিকভাৱে হত্যাকাৰীক গ্ৰেপ্তাৰ-শাস্তি প্ৰদানৰে ন্যায়ৰ দাবী জনাইছে ।
এপি এম এফৰ মতে, নিলম্বিত কনিষ্টবল ভেংকট ছুবায়াহ আৰু ভাতৃয়ে স্থানীয় সংবাদিকগৰাকীক দেওবাৰে নিশা অতি জঘন্যভাৱে ঘপিওৱাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু পাছত সেই নিশাই চিকিৎসাধীন অৱস্থাত হাস্পতালত মৃত্যুক সাৱটি লয় ।
ছুবায়াহ আৰু তেওঁৰ ভাতৃ গুটখাৰ অবৈধ বিক্ৰী আৰু জুৱা খেলত জড়িত থকা বুলি নিহত সাংবাদিকজনে বাতৰি পৰিবেশন কৰিছিল ।
এক বিবৃতিত আই জে ইউৰ সভাপতি তথা প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ প্ৰাক্তন সদস্য গীতাৰ্থ পাৰ্থক আৰু ইউনিয়নৰ সচিব প্ৰধান তথা ইণ্টাৰনেচনেল ফেডাৰেচন অৱ জাৰ্ণেলিষ্টৰ উপ সভাপতি ছাবিনা ইন্দৰজিতে কয় যে, কৰ্তব্যপালনৰ বাবে দিয়া সাংবাদিক চেন্নাকেছাভালুৰ নৃশংস হত্যাকাণ্ডই ইউনিয়নক চকিত কৰি তুলিছে । কনিষ্টবলজনৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত বাতৰি প্ৰচাৰৰ বাবেই প্ৰাণ হেৰুওৱা সাংবাদিকজনৰ মৃত্যুত ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰে ।
তদুপৰি হত্যাকাৰীক তৎকালে গ্ৰেপ্তাৰৰ লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনাইছে । এনে সময়তে ইউনিয়নে অন্ধ্ৰপ্ৰদেশত সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ অধোগামী পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰে । তদুপৰি ৰাজ্যখনত সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে কৰ্তব্যপালনত ভীতিমুক্ত পৰিৱেশৰ নিশ্চিতিৰ বাবে ৰাজ্যখনৰ চৰকাৰক দাবী জনাইছে ।






























