কৰিণাৰ দ্বিতীয় পুত্ৰৰ নাম জাহাংগীৰ, তেন্তে এইবাৰ ঔৰংগজেৱৰ পাল : প্রশ্ন সামাজিক মাধ্যমৰ

taimur

অভিনেতা দম্পতী কৰিণা কপুৰ খান আৰু ছইফ আলী খানৰ দ্বিতীয় পুত্ৰৰ নামকৰণ সম্পন্ন হ’ল। কৰিণা-ছইফে কণমানি পুত্ৰৰ নাম ৰাখিলে জাহাংগীৰ।

ADVERTISEMENT

এই ঘােষণাৰ পাছতে সামাজিক মাধ্যমত একাংশ লােকে কৰিণা পুত্ৰৰ নামকৰণক লৈ নানা ধৰণৰ মন্তব্য প্রকাশ কৰিছে। উল্লেখ্য যে প্রথম পুত্ৰৰ নাম ছইফ দম্পতীয়ে তৈমুৰ ৰাখিছিল।

এইবাৰ দ্বিতীয় পুত্ৰৰ নাম ৰাখিলে জাহাংগীৰ আলী খান। এজন ব্যক্তিয়ে সামাজিক মাধ্যমত কৰিণা-ছইফক কটাক্ষ কৰি কয়, দ্বিতীয় সন্তানৰ নাম জাহাংগীৰ ৰাখিলে ছইফ আলী খান আৰু কৰিণা কপুৰে।

নাম ৰাখিয়ে ট্রল হ’ল নবাব। এইবাৰ অধীৰ আগ্ৰহৰে ঔৰংগজেৱৰ বাবে অপেক্ষা কৰিছাে ৷

Exit mobile version