জৈৱিক চাহৰ সেউজ বিপ্লৱৰ ফচল ‘উলাহ’

বিদেশৰ বজাৰত সফল অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চমকপ্ৰদ উদ্ভাৱন 'বেগলেছ টি ডিপ'

tea venture 1

ডিব্ৰুগড় জিলাৰ টিংখাঙত নিৰৱে গঢ় লৈ উঠিছে জৈৱিক (প্ৰাকৃতিক) চাহপাত উৎপাদনৰ এক সেউজ বিপ্লৱ । এই সেউজ বিপ্লৱৰ শেহতীয়া ফচল ‘উলাহ’ । উলাহ আন একো নহয়, এক বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা দুই গ্ৰাম অৰ্থডক্স চাহৰ এটা একক অথবা সমষ্টি । সততে দেখা চাহৰ পিয়লাত জুবুৰিয়াই খোৱা টি বেগৰ অনুৰূপ, কিন্তু ই বেগ নহয় । বিশেষ আকৃতিৰ এডোখৰ চাহ । বেগলেছ টি বেগ অথবা বেগলেছ টি ডিপ বুলিও ক’ব পাৰি । ইয়াত চাহখিনি বেগত ভৰাই থোৱাৰ পৰিৱৰ্তে এক বিশেষ পদ্ধতিৰে চেপি (কমপ্ৰেছড্) চাহৰ এটা একক প্ৰস্তুত কৰা হয় ।

এই গোটা আকৃতিৰ চাহখিনিক এডাল জৈৱিক সূতাৰে বন্ধা হয় আৰু ওপৰত বিশেষ কায়দাৰে এখন কাগজ মেৰিওৱা হয়, যাতে খাবৰ সময়ত সেই কাগজৰ আৱৰণটো সহজে এৰুৱাই চাহৰ এককটো পিয়লাত জুবুৰিয়াই দি কাগজৰ আৱৰণটো সূতা ডালৰ ইটো মূৰত পিয়লাৰ বাহিৰত যাতে ওলমাই ৰাখিব পাৰি । গ্ৰীণ আৰু ব্লেক টিৰ এই বিশেষ উদ্ভাৱনটোৱে হ’ল উলাহ । যি সম্প্ৰতি দেশে-বিদেশে বিয়পি পৰিছে ।

অৱশ্যে বৰ্তমানলৈকে কেৱল অনলাইনযোগেহে ইয়াৰ মাৰ্কেটিং চলি আছে । প্ৰাকৃতিক চাহৰ ৰাজধানী স্বৰূপ টিংখাঙৰ এয়া শেহতীয়া অগ্ৰগতি । এয়া কোনো বিখ্যাত চাহ বিশেষজ্ঞ অথবা মূধাফুটা বিজ্ঞানীৰ উদ্ভাৱন নহয় । এজন সাধাৰণ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কৰ চমকপ্ৰদ উদ্ভাৱন । তেওঁ হ’ল টিংখাঙৰ নিকটৱৰ্তী ফেটেঙিবৰ লাটুমণিৰ যুৱক শৈলেন ফুকন । ২০১২ৰ পৰা জৈৱিক চাহৰ খেতি কৰি অহা শৈলেন ফুকনৰ লগত হোৱা এক আছুতীয়া সাক্ষাতত তেওঁ এই উদ্ভাৱনৰ বহু কথা সদৰী কৰে ।

তেওঁ কয়, ‘ম‌ই যদিও এই ক্ষেত্ৰত কাম কৰি আছো ইয়াৰ মূল ব্যক্তি দুজন হ’ল শিৱসাগৰৰ অংশুমান বৰকাকতি আৰু উপমান্যু ভৰালী । বেগলেছ টি বেগৰ এই ধাৰণা প্ৰথম দিল্লী বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ এই দুই উদ্যমী যুৱকৰ । ম‌ই মাত্ৰ তাৰ কাৰিকৰী দিশটো ৰূপায়ণহে কৰিছো । অংশুমান বৰকাকতি আৰু উপমান্যু ভৰালী মালিকানাধীন ‘দ্য টি লীফ থিয়ৰী’ নামৰ বিদেশলৈ জৈৱিক চাহ ৰপ্তানি কৰা কোম্পানীটোক মই ২০১৮ৰ পৰাই মোৰ বাগিচাত উৎপাদন হোৱা প্ৰাকৃতিক অৰ্থডক্স চাহ বিক্ৰী কৰি আহিছো । তেওঁলোক মোৰ নিজা ব্ৰেণ্ড ‘লাটুমণি’ৰ নামতে মোৰ গ্ৰীণ টি আৰু ব্লেক টি আন্তৰ্জাতিক বজাৰত বিক্ৰী কৰে । তেওঁলোকৰ লগত গঢ়ি উঠা সুসম্পৰ্কৰ মাজতে এদিন এই ‘বেগলেছ টি ডিপ’ ধাৰণাটো দিলে । তেওঁলোকে দিয়া আইডিয়া মতে ম‌ই নিজাকৈ এই কামত আগবাঢ়ো আৰু এদিন সফল হ‌ওঁ । যোৱা বছৰৰ অক্টোবৰৰ পৰা আৰম্ভ কৰা এই কাম প্ৰথমে হাতেৰে কৰিছিলো যদিও মই এটা মেচিন যোগাৰ কৰি ল’বলৈ সক্ষম হৈছো । অসমত এতিয়ালৈকে ময়েই একমাত্ৰ এই কাম কৰি আছো ।’

উল্লেখ্য যে উলাহ হ’ল ‘দ্য টি লীফ থিয়ৰী’ৰ এটা ব্ৰেণ্ড । ফুকনৰ বেগলেছ টি বিষয়সমূহ উলাহ ব্ৰেণ্ডত আৰু আন চাহসমূহ লাটুমণি ব্ৰেণ্ডত বিক্ৰী হয় । দুই গ্ৰামৰ এটা বেগলেছ টি ডিপৰ মূল্য (এম‌আৰপি) ২৬ টকা । এই ২৬ টকীয়া টি ডিপ এটা এজন লোকে চাৰিবাৰ খাব পাৰে অথবা একেবাৰতে চাৰি কাপ চাহৰ বাবে ব্যৱহাৰ কৰিব পাৰে । সেইদৰে গ্ৰীণ টিৰ ক্ষেত্ৰত তিনি মিনিট আৰু ব্লেক টিৰ ক্ষেত্ৰত পাঁচ মিনিট গৰম পানীত জুবুৰিয়াই ৰাখিব লাগে । এই বেগলেছ টি ডিপৰ বিশেষত্ব এটাই ই এশ শতাংশ‌ই ৰাসায়নিকমুক্ত : আনকি সচৰাচৰ আন টি বেগত ব্যৱহাৰ হোৱা প্লাষ্টিকৰ মলিউকুল ইয়াত মিহলি হোৱাৰ সম্ভাৱনাও নাই ।

‘দ্য টি লীফ থিয়ৰী’ৰ আনবোৰ চাহৰ লগতে অসম গৌৰৱ এই চাহৰ মাৰ্কেটিং www.woollah.com আৰু www.tealeaftheory.com যোগে হৈ আছে । ফুকনৰ উৎপাদিত দুয়োবিধ চাহেই ইতিমধ্যে বিদেশৰ বজাৰ দখল কৰিছে । ফুকনে ‘দৈনিক অগ্ৰদূত’ক জনোৱা মতে, তেওঁৰ ব্ৰেণ্ড ‘লাটুমণি’ ইতিমধ্যে ইউৰোপ মহাদেশৰ প্ৰায়কেইখন দেশৰ উপৰি উত্তৰ আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, জাপান আদি দেশলৈ ৰপ্তানি হৈছে । তদুপৰি যোৱা বছৰ কানাডা, অষ্ট্ৰেলিয়া, বেলজিয়াম আৰু জাপানৰ পৰা কে’বাজনো পৰ্যটক ফুকনৰ বাগিচা চাবলৈ আহিছিল । তেওঁলোকে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও কৰ’না উদ্ভুট পৰিৱেশৰ বাবে সেয়া হৈ উঠা নাই বুলি আক্ষেপ প্ৰকাশ কৰে উদ্যোগী যুৱকজনে ।

এখন সৰু ঠাইত সৰু এখন চাহ বাগিচা পাতি নিজে হাতে-কামে লাগি উৎপাদন কৰা চাহ বিদেশলৈ ৰপ্তানি কৰি খুবেই সুখী ফুকন । তেওঁৰ নিজা গাঁও ‘লাটুমণি’ক বিশ্বত প্ৰতিষ্ঠা কৰাৰ মন, সেয়ে তেওঁৰ চাহৰ ব্ৰেণ্ডৰ নাম লাটুমণি ৰখা বুলি ফুকনে উল্লেখ কৰে । এই ক্ষেত্ৰত ‘দ্য টি লীফ থিয়ৰী’ৰ দুই স্বত্বাধিকাৰ বৰকাকতি আৰু ভৰালী সমানে আগ্ৰহী বুলি উল্লেখ কৰি দুয়োজনলৈ কৃতজ্ঞতা জনায় ফুকনে ।

জৈৱিক চাহৰ আন্তৰ্জাতিক মানচিত্ৰ টিংখাঙক স্থান দিবলৈ সক্ষম হোৱা উদ্যোগী যুৱকজনে আজিৰ এই অৱস্থা এদিনতে পোৱা নাই । বহু ঘাত-প্ৰতিঘাত আৰু দুৰ্যোগপূৰ্ণ সময় অতিক্ৰমিহে আজিৰ এই দিনটোত উপস্থিত হৈছেহি । জৈৱিক চাহৰ খেতি কৰিবলৈ গৈ এদিন তেওঁ ঋণত পোত যাব লগা হৈছিল আৰু চাৰিওদিশে তেওঁ অন্ধকাৰ দেখিছিল । সেই সময়ত বহু লোকে জৈৱিক চাহ বাগিচা পাতি পাছত এৰি দিবলৈ বাধ্য হৈছিল, একমাত্ৰ উপযুক্ত বজাৰৰ অভাৱত । কিন্তু ফুকনে নিজৰ লক্ষ্যৰ পৰা বিচলিত নহৈ জৈৱিক চাহ উৎপাদন কৰিয়ে কিদৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰি তাৰ উপায়ৰ সন্ধানত ব্যস্ত হৈ থাকে ।

তেনে সময়তে ফেচবুকযোগে শিৱসাগৰৰ এই দুই যুৱকৰ সন্ধান পালে ফুকনে । সেয়া ২০১৮ৰ কথা । তেওঁলোকৰ লগত যোগাযোগ কৰি নিজৰ ইচ্ছাৰ কথা ব্যক্ত কৰে আৰু তেওঁলোকেও সঁহাৰি জনাই ফুকনৰ বাগিচাৰ উৎপাদিত জৈৱিক চাহ বিক্ৰী কৰি দিয়াৰ দায়িত্ব লয় । সেয়াই আৰম্ভণি । তেতিয়াৰ পৰা তেওঁৰ নিজৰ ১৩ বিঘাৰ জৈৱিক চাহ বাগিচাৰ পৰা উৎপাদিত ৭০ শতাংশ চাহ ‘দ্য টি লীফ থিয়ৰী’যোগে বিদেশলৈ ৰপ্তানি কৰি আহিছে । বাকী ৩০ শতাংশ চাহ স্থানীয়ভাৱে বিক্ৰী হয় ।

যোৱা বছৰ তেওঁ আঠশ কেজি গ্ৰীণ আৰু ব্লেক টি ‘দ্য টি লীফ থিয়ৰী’ক বিক্ৰী কৰা বুলি ‘দৈনিক অগ্ৰদূত’ক সদৰী কৰে । এই বছৰ আৰু অধিক পৰিমাণৰ চাহ বিক্ৰী কৰাৰ আশা বহুত বান্ধি ৰখা ফুকন সম্প্ৰতি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে আৰু পূৰ্বে ঋণত পোত যোৱা অৱস্থাৰ পৰা লাহে লাহে মুক্ত হৈ আহিছে বুলি তেওঁ অকপটে ব্যক্ত কৰে । তেওঁ বিশ্বাস কৰে উৎপাদন আৰু বজাৰ একেখন হাতে একে সময়তে কৰা সম্ভৱ নহয় । গুণগত উৎপাদনত বিশ্বাসী ফুকনে কনটেক্ট ফাৰ্মিং হিচাপে থকাতহে বেছি আগ্ৰহী ।

কেৱল উৎপাদনত গুৰুত্ব দি ব্যৱসায়ৰ দিশটো ‘দ্য টি লীফ থিয়ৰী’ৰ ওপৰত নিৰ্ভৰশীল হৈ কাম চলাই আছে ফুকনে । উল্লেখ্য যে বৰ্তমানলৈকে কোনো চৰকাৰী সাহায্য লাভ কৰা নাই ফুকনে অৱশ্যে তাৰ প্ৰতি আক্ষেপো নাই; কিন্তু ঘৰৰ পদূলিৰে পাৰ হৈ যোৱা পাইপ গেছৰ সংযোগ নোপোৱাতহে তেওঁ আশ্চৰ্য প্ৰকাশ কৰে । ফুকনে জনোৱা মতে, সম্প্ৰতি তেওঁ খৰি অথবা এলপিজি গেছ ব্যৱহাৰ কৰি চাহ উৎপাদন কৰি আছে । এলপিজি গেছত উৎপাদন ব্যয় যথেষ্ট বৃদ্ধি পায়, সেয়ে পাইপ গেছৰ সংযোগ পালে বহুত সুবিধা হ’লহেঁতেন বুলি মন্তব্য কৰে উদ্যোগী যুৱকজনে ।

Exit mobile version